সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ দেউৰাম তাচা বঁটা

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ দেউৰাম তাচা বঁটা

author-image
Asomiya Pratidin
New Update
সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ দেউৰাম তাচা বঁটা

ডিজিটেল ডেস্ক : যোৰহাট সাহিত্য সভাৰ উদ্যোগত আৰু দেউৰাম তাছা স্মৃতিৰক্ষা সমিতিৰ সহযোগত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। মঙলবাৰে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আয়োজন কৰা হৈছে এই বিশেষ কাৰ্যসূচীৰ।

Advertisment

এই অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হ'ব 'দেউৰাম তাছা বঁটা'। 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ আৰু দীৰ্ঘ দিনে সংবাদ আৰু অসমীয়া সাহিত্য় ক্ষেত্ৰত আগবঢ়াই অহা উল্লেখনীয় অৱদানৰ বাবে অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীলৈ আবঢ়োৱা হ'ব 'দেউৰাম তাছা' শীৰ্ষক স্মাৰক বঁটা।

ইতিমধ্যে অনুষ্ঠানস্থলীত উপস্থিত হৈছে সাদিন-প্ৰতিদিনৰ অধ্যক্ষগৰাকী। শংখ,তাল আদি মাংগলিক বাদ্যৰ সমাহাৰৰ এক আধ্যাত্মিক পৰিবেশৰ মাজেৰে উদ্যোক্তাসকলে জয়ন্ত বৰুৱাক প্ৰেক্ষাগৃহলৈ আদৰি নিয়ে। উক্ত অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য ব্যক্তিসকল উপস্থিত থকাৰ লগতে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা। আনহাতে উক্ত অনুষ্ঠানতে সাহিত্যিক মাখনলাল বাঢ়ৈলৈ আগবঢ়োৱা হ'ব ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা।

Also Read: কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ'মেন চাণ্ডীৰ মৃত্যু

Deurama Tasa Award