গ্ৰীষ্ম প্ৰবাহ : বিহাৰত বন্ধ দিলে শিক্ষানুষ্ঠান

অনলাইনযোগে পাঠদান কৰাৰ ক্ষেত্ৰতো বাধা

author-image
Asomiya Pratidin
New Update
গ্ৰীষ্ম প্ৰবাহ : বিহাৰত বন্ধ দিলে শিক্ষানুষ্ঠান

ডিজিটেল ডেস্ক : বিহাৰৰ ৰাজধানী পাটনাকে ধৰি কেইবাখনো জিলাত বিগত এসপ্তাহে গ্ৰীষ্ম প্ৰবাহে জনজীৱন অসহনীয় কৰি তুলিছে। প্ৰচণ্ডৰ গৰমৰ ফলত ভালেসংখ্যক লোক বেমাৰত পৰাৰ লগতে বেগুচৰাইত এজন লোকে প্ৰাণ হেৰুৱাইছে।

Advertisment

ৰাজ্যখনত প্ৰচণ্ড গৰমৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে এক নিৰ্দেশনা। নিৰ্দেশনাত উল্লেখ কৰে যে পাটনাৰ সকলো শিক্ষানুষ্ঠান তথা কোচিং চেণ্টাৰসমূহ অহা ১৫জুনলৈকে বন্ধ থাকিব।

শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ঘোষণা কৰিছে জিলা প্ৰশাসনে। ইয়াৰোপৰি অনলাইনযোগে পাঠদান কৰাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰা হৈছে।

Also Read: চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান

patna ONLINE heat wave bihar school