/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ed9e2654-73ba-4c6b-9534-dc003c95845a/c1.jpg)
ডিজিটেল ডেস্কঃ উন্নত প্ৰশিক্ষণৰ বাবে পঞ্জাৱ চৰকাৰে ৰাজ্যৰ ৩৬ গৰাকী প্ৰধান শিক্ষকক পঠিয়াব ছিংগাপুৰলৈ। এই কথা সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।
জানিব পৰা অনুসৰি ৪ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ শিক্ষক কেইগৰাকী প্ৰশিক্ষণৰ বাবে ছিংগাপুৰলৈ ৰাওনা হ'ব। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে শৈক্ষিক ক্ষেত্ৰখনত এক পৰিৱৰ্তন অনাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আনহাতে দিল্লীৰ আপ চৰকাৰেও একাংশ শিক্ষকৰ ক্ষেত্ৰত অনুৰূপ সিদ্ধান্ত লৈছিল যদিও উপ-ৰাজ্যপালৰ অনুমতি নোপোৱাৰ বাবে এই সিদ্ধান্ত স্থগিত ৰাখিব লগা হৈছে বুলি জানিব পৰা যায়।
আৰু পঢ়কঃ নাবালিকাক বিবাহ কৰাৰ অপৰাধত ঢকুৱাখনাৰ ৫জন স্বামী গ্ৰেপ্তাৰ