/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c25cebf3-03f4-4c15-8878-5a2718a649e2/c.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : বাল্যবিবাহৰ দৰে আইন বিৰুদ্ধ অক্ষমনীয় অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া কঠোৰ সকীয়নীৰ পাছতে ঢকুৱাখনা আৰক্ষীয়ে এনে অপৰাধীৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্রতৰ অভিযান। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় আৰু উপ পৰিদর্শক গৌতম দত্তৰ যৌথ নেতৃত্বত বৃহস্পতিবাৰে নিশা সদৰ থানাৰ অন্তৰ্গত টাউন তিনিআলিত অভিযান আৰম্ভ কৰি অৰুণ গগৈ(২১) আৰু দেৱজিত সাহানি(২৩) নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
দুগৰাকী নাবালিকাৰ সৈতে অবৈধভাৱে বিবাহ পাশত আবদ্ধ হৈছিল এই দুজন যুৱক। ঢকুৱাখনা আৰক্ষীয়ে নিশা অভিযান চলাই এই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ আনে।
ইপিনে সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ভাটি কেঁকুৰী গাঁওৰ পুতুল চুতীয়া(২০),বিতোপন খনিকৰ,ৰূপম খনিকৰ (২১) নামৰ ৩জন অবৈধ স্বামীক সোনাৰী চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প প্ৰাণ বৰাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী আৰক্ষীৰ দলে নিশা ভাটি কেঁকুৰী গাঁওৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানা, ঘিলামৰা আৰক্ষী থানা আৰু সোনাৰী চাপৰি আৰক্ষী চকী এলেকাত তীব্রতৰ অভিযান অব্যাহত আছে।
আৰু পঢ়কঃ সুৰাসক্ত চালক, মহানগৰীত তীব্ৰ বেগী বাহনে মহটিয়াই নিলে ৩ খনকৈ বাহনক