নিৰ্বাচনী হিংসা ! বিৰোধী দলৰ সভাপতিক হত্যাঃ দুৰ্বৃত্তই চলালে ২০ ৰাউণ্ড গুলী...

হাৰিয়ানাৰ বিৰোধী দল আই এন এল ডিৰ সভাপতি নাফে সিং ৰাঠিক দলীয় কৰ্মীৰ সৈতে হত্যা, গুলীবিদ্ধ ৩ নিৰাপত্তাৰক্ষী
নিৰ্বাচনী হিংসা ! বিৰোধী দলৰ সভাপতিক হত্যাঃ দুৰ্বৃত্তই চলালে ২০ ৰাউণ্ড গুলী...
নিৰ্বাচনী হিংসা ! বিৰোধী দলৰ সভাপতিক হত্যাঃ দুৰ্বৃত্তই চলালে ২০ ৰাউণ্ড গুলী...

ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে দেশজুৰি ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক হিংসাও আৰম্ভ হৈছে। এনে ৰাজনৈতিক হিংসাৰে বলি হোৱাৰে সন্দেহ কৰা হৈছে হাৰিয়ানাৰ বিৰোধী ৰাজনৈতিক দল আই এন এল ডিৰ সভাপতি নাফে সিং ৰাঠিৰ।

ইণ্ডিয়ান নেচনেল লোক দলৰ সভাপতি ৰাঠিৰ হত্যাৰ ঘটনাৰ পাছতে এতিয়া বিপদত পৰিছে বিজেপি শাসিত হাৰিয়ানা চৰকাৰ। বিৰোধী ৰাজনৈতিক দলৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ। তাৰ মাজতে অৱশ্যে হাৰিয়ানা আৰক্ষীয়ে ৪ জনৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিছে। কিন্তু এই পৰ্যন্ত এই চাৰিওজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে যেতিয়ালৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়ালৈকে নাফে সিং ৰাঠিৰ শেষকৃত্য সমাপণ কৰা নহ'ব বুলি ঘোষণা কৰিছে তেওঁৰ পুত্ৰই। উল্লেখ্য যে, দেওবাৰে নিশা নাফে সিঙক লক্ষ্য দুৰ্বত্তৰ দলটোৱে ২০ ৰাউণ্ড গুলী চলাইছিল বুলি দাবী কৰিছে আই এন এল ডিৰ এজন নেতাই।

এই ঘটনাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ চৰকাৰক বিৰোধীয়ে জবাবদিহী কৰি নিৰাপত্তা আৰু আইন শৃংখলাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি দাবী কৰিছে। দুবাৰৰ বিধায়ক নফে সিঙৰ মৃত্যুৰ পাছতে আই এন এল ডিৰ আন এগৰাকী নেতা অভয় সিং চৌটালাই দাবী কৰি কয়, নফে দুবাৰৰ বিধায়ক। আমাৰ দলৰ ৰাজ্য প্ৰধান। লিখিতভাৱে উৰ্ধ্বতম আৰক্ষী বিষয়া, ৰাজ্যৰ গৃহমন্ত্ৰীক বাৰে বাৰে তেওঁৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছিল। তাৰ পাছতো চৰকাৰৰ তৰফৰ পৰা কোনো নিৰাপত্তা দিয়া নহ'ল।

এ এন আইয়ে প্ৰকাশ কৰা মতে, আৰক্ষীয়ে নৰেশ কৌশিক, ৰমেশ ৰাঠি, সতীশ ৰাঠি আৰু ৰাহুল নামৰ চাৰিজন লোকৰ বিৰুদ্ধে সন্দেহৰ ভিত্তিত গোচৰ ৰুজু কৰিছে। ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল ভিজে জনোৱা অনুসৰি তেওঁ এই ঘটনা সন্দৰ্ভত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে। গঠন কৰা হৈছে স্পেছিয়েল টাস্ক ফ'ৰ্ছ। অৱশ্যে বিৰোধীয়ে এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে।

উল্লেখ্য যে, দেওবাৰে নফে সিং ৰাঠিয়ে এখন চাৰি চকীয়া বাহনেৰে হাৰিয়ানাৰ ঝজ্জৰ জিলাৰ বাহাদূৰগড় অঞ্চলত অনুষ্ঠিত এক অনুষ্ঠানত অংশ ল'বলৈ যোৱাৰ পথত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয়। এই ঘটনাত তেওঁৰ সৈতে থকা আন এজন দলীয় কৰ্মীৰো মৃত্যু হৈছে। নফে সিঙৰ তিনি ভাড়াতীয়া নিৰাপত্তাৰক্ষীৰো গুলীবিদ্ধ হৈছে। অৱশ্যে তেওঁলোক এতিয়া সংকটমুক্ত।

এই ঘটনাত কংগ্ৰেছ, আম আদমি পাৰ্টী আদিয়েও শাসকীয় দলক লক্ষ্য কৰি লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। অৰবিন্দ কেজৰিৱালৰ অভিযোগ বিজেপিয়ে হাৰিয়ানাত আইন, শৃংখলা পৰিস্থিতি নষ্ট কৰিছে। তেওঁ কয়, যিমসয়ত হাৰিয়ানা চৰকাৰে অপৰাধীক ধৰিবলৈ আৰক্ষী মোতায়েন কৰিব লাগিছিল সেই সময়ত তাকে নকৰি হাৰিয়ানা চৰকাৰে সীমান্তৰ বিক্ষোভকাৰী কৃষকক বাধা দিবলৈ সেই শক্তি অপচয় কৰিছে।

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুডাই এই ঘটনাক নিন্দা কৰি বৰ্তমানৰ বিজেপি চৰকাৰক সমালোচনা কৰি কয়, এটা ৰাজনৈতিক দলৰ সভাপতিৰ হত্যাৰ ঘটনা অতি দুখজনক। এই ঘটনাই স্পষ্ট কৰি দিলে ৰাজ্যৰ আইন, শৃংখলালৈ পিঠি দিয়া হৈছে। এই ৰাজ্যত কোনেও নিজকে সুৰক্ষিত অনুভৱ নকৰে।

উল্লখ্যে যে কৃষক বিদ্ৰোহৰ প্ৰতি নাফে সিং ৰাঠোৰৰ আছিল পোনপটীয়া সমৰ্থন। এই বিদ্ৰোহত তেওঁৰ আছিল বিশেষ ভূমিকা। পূৰ্বৰে পৰা কৃষক আন্দোলনত তেওঁ গ্ৰহণ কৰা স্থিতিয়ে তেওঁক কৃষকসকলৰ মাজত জনপ্ৰিয়ও কৰি তুলিছিল। সেয়ে এই ঘটনাই এতিয়া আন বহু প্ৰশ্নও উত্থাপন কৰিছে।

নিৰ্বাচনী হিংসা ! বিৰোধী দলৰ সভাপতিক হত্যাঃ দুৰ্বৃত্তই চলালে ২০ ৰাউণ্ড গুলী...
অচিৰেই ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in