অচিৰেই ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

এইবাৰ ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন।

author-image
Asomiya Pratidin
New Update
অচিৰেই ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন

ডিজিটেল ডেস্কঃ সমাগত ২০২৪ৰ লোকসভা নিৰ্বাচন । ৰাজ্যত পূৰ্ণ গতিত চলি আছে নিৰ্বাচনৰ প্ৰস্তুতি। নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে ।

Advertisment

এইবাৰ ৩টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাজ্যসমূহত। নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে তৎপৰ দেশৰ নিৰ্বাচনী আয়োগ। নিৰ্বাচনী আয়োগৰ এই প্ৰস্তুতিয়ে সোনকালেই নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা প্ৰকট কৰিছে।

Also Read: ৰঙিয়াত ২ নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰীক আটক

assam election commission Lok Sabha elections