হিমন্ত বিশ্বক উভতি ধৰিলে কংগ্ৰেছ নেতাই! বিজেপি সাসংদে খেলুৱৈক চলাইছে নিৰ্যাতন

দেশৰ ৰাজনীতিত এতিয়া উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ অৱস্থা ইমানেই বেয়া যে এটাৰ পাছত আন এটা বিপদে লগ নেৰা হৈছে

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্বক উভতি ধৰিলে কংগ্ৰেছ নেতাই! বিজেপি সাসংদে খেলুৱৈক চলাইছে নিৰ্যাতন

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত এতিয়া উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ অৱস্থা ইমানেই বেয়া যে এটাৰ পাছত আন এটা বিপদে লগ নেৰা হৈছে। ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অসমৰ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতেই দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল অংকিতা দত্তক।

Advertisment

শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তই এজাহাৰো দাখিল কৰিছিল। লগে লগে তৎপৰ হৈ পৰিছিল অসম আৰক্ষী। দেওবাৰে অসম আৰক্ষী উপস্থিত হয় শ্ৰীনিবাসৰ ঘৰত আৰু চমন জাৰি কৰে।

তাৰ পাছতে শ্ৰীনিবাসে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এক বিশেষ টুইট কৰিছে। টুইটৰ জৰিয়তে শ্ৰীনিবাসে কয় যে, ''বিগত ৫ দিন ধৰি অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰ্ণাটকত প্ৰচাৰ বন্ধ কৰবিলৈ মোৰ বিৰুদ্ধে ভুৱা গোচৰ উত্থাপন কৰা হৈছে। কিন্তু দেশৰ অলিম্পিয়ানসকলে কেইবা মাহ ধৰি বিজেপি সাংসদৰ ওপৰত নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আহিছে। কটত এজাহাৰ? ক'ত বিজেপি আৰু সংস্থা সমূহ?।''

উল্লেখ্য যে, দিল্লীৰ যন্তৰ-মন্তৰত কেইদিনমান পূৰ্বে একাংশ অলিম্পিক খেলুৱৈ বজৰং পুনিয়া, বিনেছ ফোগট, সাক্ষী মালিক আদিয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। ২৩ জানুৱাৰীৰ আছিল ভিডিঅ'টো।

প্ৰায় ৩ মাহ ধৰি মানসিক নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি খেলুৱৈ সকলে অভিযোগ উত্থাপন কৰিছিল। ভাৰতৰ সাতগৰাকী মহিলা মল্লযোদ্ধাই ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

Also Read: 'ড০ ভূপেন হাজৰিকা বঁটা' গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নোৱাৰিলে বলিউড অভিনেত্ৰী ৰবীনা টণ্ডন