দেশত এতিয়া হিংসাৰ জুই, চাৰিওফালে সাম্প্ৰদায়িক বিষবাষ্প

দেশৰ প্ৰতিটো কোনতেই এতিয়া কেৱল হিংসা। মণিপুৰৰ পৰা আৰম্ভ কৰি হাৰিয়ানালৈ হিংসাৰ দাৱনাল।

author-image
Asomiya Pratidin
New Update
দেশত এতিয়া হিংসাৰ জুই, চাৰিওফালে সাম্প্ৰদায়িক বিষবাষ্প

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো কোনতেই এতিয়া কেৱল হিংসা। মণিপুৰৰ পৰা আৰম্ভ কৰি হাৰিয়ানালৈ হিংসাৰ দাৱনাল। প্ৰায় প্ৰতিদিনেই জ্বলিছে ঘৰ। মৃত্যু হৈছে সাধাৰণ জনতাৰ।

Advertisment

হাৰিয়ানাৰ সাম্প্ৰদায়িক সংঘৰ্ষত বৰ্তমানলৈকে ৬ জনলোকৰ প্ৰাণ হানি হোৱা বুলি জানিব পৰা গৈছে। হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাৰ জুই আন জিলালৈ বিয়পি পৰিছে। গুৰুগ্ৰাম, ফৰিদাবাদ, পালৱালকে ধৰি বহু ঠাইত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাজ্যখনৰ অধিকাংশলোকেই এতিয়া শংকিত হৈ জীৱন অতিবাহিত কৰিছে। গুৰুগ্ৰামৰ এটা অঞ্চলত ১০০ টাতকৈ অধিক মুছলমান পৰিয়াল আছিল। কিন্তু হিংসাৰ পাছত এতিয়া ইয়াৰ সংখ্যা ১৫ হৈছেগৈ। ইয়াৰে প্ৰায় সংখ্যকলোক বেলেগ ৰাজ্যৰ। আৰু সকলোৱে নিজৰ নিজৰ ঠাইলৈ ঘূৰি গৈছে। সেই অঞ্চলটোৰ স্থানীয়লোকসকলৰ মতে মঙলবাৰে একাংশ লোক আহি মুছলমান লোকসকলক তেওঁলোকক নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ কৈছিল।

উল্লেখ্য যে, সোমবাৰে হাৰিয়ানাত আৰম্ভ হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ। বিশ্ব হিন্দু পৰিষদৰ এক শোভাযাত্ৰাৰ মাজৰ পৰা হিংসাৰ সৃষ্টি হৈছিল। একাংশ উত্তেজিত লোকে মছজিদ, গাড়ী আদিও জ্বলাই দিয়ে। ৬ জন নিহত হোৱাৰ লগতে বহুলোক আহতও হৈছে এই সংঘৰ্ষত। এতিয়াও ৰাজ্যখনত উত্তেজনাই বিৰাজ কৰি আছে।

Also Read: বাক্সাত দুটাকৈ জঘন্য কাণ্ডঃ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ

hariyana