বাক্সাত দুটাকৈ জঘন্য কাণ্ডঃ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ

ৰাজ্যখনত ইটোৰ পিচত সিটোকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈ থকাৰ মাজতে এইবাৰ বাক্সা জিলাৰ বৰবৰীত সংঘটিত দুটাকৈ ধৰ্ষণ কাণ্ডই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
দিল্লীত ধৰ্ষণৰ বলি অসমৰ যুৱতী, কামৰ প্ৰলোভনেৰে কৰা হৈছিল সৰবৰাহ

বাক্সাত দুটাকৈ জঘন্য কাণ্ডঃ ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণ

ডিজিটেল সংবাদ, মছলপুৰঃ ক্ৰমাৎ যেন ধৰ্ষণকাৰীৰ ৰম্যভূমিত পৰিণত হৈছে অসম ৷ ৰাজ্যখনত ইটোৰ পিচত সিটোকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈ থকাৰ মাজতে এইবাৰ বাক্সা জিলাৰ বৰবৰীত সংঘটিত দুটাকৈ ধৰ্ষণ কাণ্ডই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

জানিব পৰা মতে জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱৰ দিন হাজিৰা কৰা পৰিয়াল এটাৰ পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ ওচৰৰে গকুল দাস নামৰ লোকজনে ১২ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰে। পানী খোৱাৰ চলেৰে ঘৰৰ ভিতৰলৈ মাতি নি মুখত সোপা দি বলপূৰ্বক ধৰ্ষণ কৰি পলায়ণ কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে ৷

পিছত মাতৃয়ে ঘৰলৈ অহাত কিশোৰীগৰাকীয়ে সকলো কথা বিৱৰি কোৱাত বুধবাৰে পৰিয়ালটোৱে কাষ চাপে বৰবৰী আৰক্ষীৰ। ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট গকুল দাসক কৰায়ত্ব কৰে আৰক্ষীয়ে ৷

ইফালে বৰবৰী আৰক্ষী থানাৰ নবস্তিত সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ড । নবস্তিৰ সোণ বৈশ্য নামৰ বিবাহিত লোকজনে একে গাঁৱৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক চল-চাতুৰিৰে গুৱাহাটীলৈ নি এখন হোটেল ওৰে নিশা ধৰ্ষণ কৰে । পিচত দেওবাৰে পুৱা গুৱাহাটীৰ পৰা পলাই নিজ গৃহত উপস্থিত হয় কিশোৰীগৰাকী ।

বুধবাৰে ভুক্তভোগী কিশোৰী আৰু পৰিয়ালৰ লোকে বৰবৰী আৰক্ষী থানাত উপস্থিত হৈ ধৰ্ষণকাৰী সোণ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । ইতিমধ্যে তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা সোণ বৈশ্য সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷

Also Read: বিভিন্ন দাবীৰে কোকৰাঝাৰত নেমছুৰ প্ৰতিবাদ

Assam police