/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0e13fb7f-9f26-421b-af62-325ccf6b780d/Bikkhub.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু অসম মহিলা সংঘ, প্ৰগতিশীল নাৰী সন্থাকে ধৰি কেইবাটাও সংগঠনৰ নেত্ৰী-স্থানীয় সদস্যৰ উপস্থিতিত শুকুৰবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত মণিপুৰৰ নাৰকীয় নাৰী নিৰ্যাতন-বলাৎকাৰৰ ঘটনাৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4cbee858-3058-4aeb-af72-48f910817984/fa27956f_46b6_4fb2_a826_34ff5a0a281b.jpg)
সভাত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সভানেত্ৰী-সম্পাদক ক্ৰমে ড০ স্বৰ্ণলতা দাস আৰু নিয়তি বৰ্মন, ৰাজ্যিক সদস্য সবিতা লহকৰ, অসম মহিলা সংঘৰ নেত্ৰী অসমী গগৈ, প্ৰগতিশীল নাৰী সন্থাৰ সুপৰ্ণা লাহিড়ী বৰুৱা আৰু গীতাঞ্জলি সোনোৱাল, গৱেষক-লেখিকা সংহিতা বৰুৱা, লেখিকা সুচিত্ৰা ৰাভা সাহা, যুৱ নেত্ৰী আনোৱাৰা বেগম আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে তীব্ৰ ক্ষোভ উজাৰি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4c56dba1-7e9e-425a-be85-37c6403801b4/017914d9_ac58_46a8_a93b_75193ed53af1.jpg)
ভাষণত প্ৰতিগৰাকী বক্তাই এনে নাৰকীয় ঘটনাৰ প্ৰতিবাদত নাৰী-পুৰুষ নিৰ্বিশেষে সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি অৱস্থাৰ অধিক অৱনতি ঘটাৰ আগেয়ে সকলোকে সজাগ হ'বলৈ আহ্বান জনায়। বক্তাসকলে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে শাসনাধীস্থ ৰাজনৈতিক নেতৃত্বৰ নিৰ্লিপ্ত আৰু নিষ্ক্ৰিয় ভূমিকাৰ তীব্ৰ সমালোচনা কৰে আৰু দোষী ব্যক্তিৰ উপযুক্ত শাস্তিৰ দাবী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e6a31ea5-1f8c-4f57-a928-3cc7c7ae10f2/c0efbf3e_54f4_4fa7_8ccf_e819173d6f59.jpg)
মণিপুৰৰ গৃহযুদ্ধ সদৃশ পৰিৱেশ সম্পৰ্কত ৭৭ দিন ধৰি মৌন হৈ থকা প্ৰধানমন্ত্ৰীৰ প্ৰতিও বিক্ষোভত উপস্থিত থকাসকলে ধিক্কাৰ জনায়। চোৰাংচোৱাৰ ব্যৰ্থতা সম্পৰ্কত কেইবাজনো বক্তাই সন্দেহ ব্যক্ত কৰে। প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা প্ৰত্যেকেই অনাগত দিনত নাৰী নিৰ্যাতনৰ ভয়াৱহতাৰ প্ৰতি সাধাৰণ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আৰু প্ৰতিৰোধ সংগ্ৰামত অংশগ্ৰহণৰ আহ্বান জনাই বিভিন্ন শ্লোগানেৰে বিক্ষোভথলী উত্তাল কৰি কৰ্মসূচীৰ অন্ত পেলায়।
Also Read: গোলাঘাটত সংগ্ৰহালয়-বিদ্যালয় পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ পৰ্যটকৰ...