গোলাঘাটত সংগ্ৰহালয়-বিদ্যালয় পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ পৰ্যটকৰ...

গোলাঘাটত সংগ্ৰহালয়-বিদ্যালয় পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ পৰ্যটকৰ...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা বৰাহী ফাউণ্ডেচনৰ উদ্যোগত প্ৰায় ১৫ বছৰ ধৰি সংগ্ৰহ কৰা নানান পুৰণি পৰম্পৰাগত সামগ্ৰী যেনে ৫০০ বছৰীয়া বৰটোপ, আহোম শাসন কালৰ সামগ্ৰী, চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিভিন্ন সামগ্ৰী, অসমীয়া কলা-কৃষ্টিৰ বাদ্যযন্ত্ৰ, আজিৰ নৱ প্ৰজন্মই চিনি নোপোৱা চহা জীৱনৰ কৃষি সামগ্ৰী আৰু বহু ইতিহাস বিজড়িত সামগ্ৰীৰে ভৰপূৰ নৱ প্ৰজন্মৰ বাবে স্থাপন কৰা প্ৰয়াত যুগ বৰা সংগ্ৰহালয়। এই সংগ্ৰাহালয়ৰ লগতে গোলাঘাট পূৱ শিক্ষাখণ্ডৰ অন্তৰ্গত আঠগাঁও মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ শালিকীহাট অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰাহী গাঁও মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে দক্ষিণ কোৰিয়াৰ এটি পৰ্যটকৰ দলে পৰিদৰ্শন কৰে।

দলটিয়ে প্ৰথমে প্ৰয়াত যুগ বৰা সংগ্ৰহালয় পৰিদৰ্শন কৰি বৰাহী ফাউণ্ডেচনৰ বিষয়ববীয়া আৰু পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ পিছত বৰাহী গাঁও মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক, স্থানীয় ৰাইজে মূল তোৰণত ধূপ, দ্বীপ প্ৰজ্বলন কৰি একোখনকৈ ফুলাম গামোচা আৰু ভাৰতীয় আৰু দক্ষিণ কোৰিয়াৰ পতাকা জোকাৰি অভিবাদন ও আদৰণি জনায়। দলটোৱে শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগত মতবিনিময় কৰাৰ লগতে, ছাত্ৰী-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ উপহাৰ ৰূপে আগবঢ়ায়।

গোলাঘাটত সংগ্ৰহালয়-বিদ্যালয় পৰিদৰ্শন দক্ষিণ কোৰিয়াৰ পৰ্যটকৰ...
মুছলপুৰত UPPLত যোগদান ৭ শতাধিক লোকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in