২ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা যুৱকক মৃত্যুদণ্ড আদালতৰ

দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও।

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ডিজিটেল ডেস্কঃ দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও।

Advertisment

ইয়াৰ মাজতে পোহৰলৈ আদালতৰ এক বিশেষ ৰায়দন। ২ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ বাবে এজনক ফাঁচীৰ ৰায় দিয়ে আদালতে। গুজৰাটৰ চুৰাট চহৰৰ এখন আদালতে বুধবাৰে এগৰাকী দুবছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ বাবে এজন ২৩ বছৰীয়া যুৱকক মৃত্যুদণ্ড দিয়ে।

অতিৰিক্ত সত্ৰ ন্যায়াধীশ শকুন্তলা চোলাঙ্কীয়ে অভিযুক্ত ইউছুফ ইছমাইলক মৃত্যুদণ্ড প্ৰদান দিয়ে। লগতে ভুক্তভোগীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ দিছে। ইছমাইলক ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৩০২ (হত্যা) আৰু ৩৭৬ (ধৰ্ষণ), আৰু পকচো আইনৰ অধীনত দোষী সাৱ্যস্ত কৰা হয়।

ইছমাইল ভুক্তভোগী শিশুটিৰ পিতৃৰ বন্ধু আছিল। ঘটনাৰ বিৱৰণী অনুসৰি ২৭ ফেব্ৰুৱাৰী, ২০২৩ ত ইছমাইলে শিশুটিক চকলেট দিম বুলি দোকানলৈ লৈ গৈছিল। তাৰপাছতেই শিশুটিক ধৰ্ষণ কৰি হত্যা কৰে।

প্ৰথম অৱস্থাত ইছমাইলে শিশুটিৰ মৃতদেহ পুঁতি থৈছিল যদিও ঘটনাৰ দ্বিতীয় দিনাই আৰক্ষীয় গ্ৰেপ্তাৰ কৰিছিল ইছমাইলক।

Also Read: হালধীয়া বিছাৰ সন্ত্ৰাসঃ খাবলৈ,শুবলৈ ভয় কৰা হৈছে এখন গাঁৱৰ জনসাধাৰণে

crime