হালধীয়া বিছাৰ সন্ত্ৰাসঃ খাবলৈ,শুবলৈ ভয় কৰা হৈছে এখন গাঁৱৰ জনসাধাৰণে

হালধীয়া প্ৰজাতিৰ বিছাৰ সন্ত্ৰাসত ত্ৰস্তমান বিলাসীপাৰাৰ কাজাইকাটা ২য় খণ্ড গাঁৱৰ জনসাধাৰণ।

author-image
Asomiya Pratidin
New Update
হালধীয়া বিছাৰ সন্ত্ৰাসঃ খাবলৈ,শুবলৈ ভয় কৰা হৈছে এখন গাঁৱৰ জনসাধাৰণে

ডিজিটেল ডেস্কঃ হালধীয়া প্ৰজাতিৰ বিছাৰ সন্ত্ৰাসত ত্ৰস্তমান বিলাসীপাৰাৰ কাজাইকাটা ২য় খণ্ড গাঁৱৰ জনসাধাৰণ। সকলোফালে কেৱল বিছা আৰু বিছা। খাবলৈ, শুবলৈ ভয় কৰা হৈছে গাঁওখনৰ জনসাধাৰণ।

Advertisment

বিছাৰ আক্ৰমণৰ ভয়ত গাঁৱৰ বাসিন্দা সকলে দিনৰ পোহৰতো ঘৰৰ ভিতৰত আঠুৱা তৰি থাকিবলগীয়া হৈছে। প্ৰথমে গাঁওখনৰ মৰাপাট খেতি পথাৰত হালধীয়া প্ৰজাতিৰ বিছাৰ জাকে আক্ৰমণ কৰে।

মৰাপাট গছৰ পাত খোৱা শেষ হোৱাৰ পাছত লোকৰ ঘৰলৈ ঢাপলি মেলি সন্ত্ৰাসৰ সৃষ্টি কৰিছে বিছাৰ জাকে । বিছাৰ আক্ৰমণত একপ্ৰকাৰ ভয়ত পেপুৱা লাগিছে গাঁও খনৰ বাসিন্দা সকলে ।

এফালে গাঁও খনত নদন বদন হৈ পৰা ধান আৰু মৰাপাটৰ পাত খাই তহিলং কৰাত গঞাঁ কৃষকসকলে ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে |হাজাৰ হাজাৰ হালধীয়া বিছাই দমকল, বিছনা, চকী, মেজ আদি সকলোতে বগাই ফুৰিছে। ৰন্ধা-বঢ়া কৰিবলৈও ভয় কৰা হৈছে গাঁৱৰলোকসকলে।

কোনো মতে বজাৰৰ পৰা ড্ৰাই ফুড কিনি জীৱন নিৰ্বাহ কৰি আহিছে বুলি জানিব পৰা গৈছে । হালধীয়া বিছাৰ উপদ্ৰৱৰ পৰা বাচিবলৈ কৃষি বিভাগৰ সহায় বিচাৰিছে চৰাঞ্চলৰ ৰাইজে কিন্তু এতিয়ালৈকে কম হোৱা নাই বিছাৰ উপদ্ৰৱ।

Also Read: প্ৰেমিকাক নৃশংসভাৱে হত্যা হাছমত আলীৰ, আৰক্ষীৰ ওচৰত আত্মসমৰ্পন