২৭ সপ্তাহৰ গৰ্ভৱতী কিশোৰীৰ গৰ্ভপাতৰ অনুমতি উচ্চ ন্যায়ালয়ৰ

২৭ সপ্তাহৰ গৰ্ভৱতী কিশোৰীৰ গৰ্ভপাতৰ অনুমতি উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰীৰ গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান গুজৰাট উচ্চ ন্যায়ালয়ৰ। ১৬ বছৰ ৬ মহীয়া কিশোৰীগৰাকী ধৰ্ষণ পিড়ীতা। শুকুৰবাৰে ন্য়ায়ালয়ে এক ৰায়ৰ জৰিয়তে অনাথ কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাৰ অনুমতি দিয়ে।

কিশোৰীগৰাকীৰ গৰ্ভধাৰণৰ সময় ২৭ সপ্তাহৰ অধিক আৰু শিশুটিৰ ওজন প্ৰায় ১.১ কিলোগ্ৰাম। ভুক্তভোগীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ সন্মুখত গৰ্ভপাতৰ ইচ্ছা প্ৰকাশ কৰিছিল।

কিশোৰীগৰাকী আহমেদাবাদস্থিত অনাথ আশ্ৰমত ২০১৫ চনৰ পৰা ২০২২ চনলৈ আছিল। পৰৱৰ্তী সময়ত শিক্ষাজনিত কাৰণত তেওঁক ২০২২ চনত ভাৱনগৰলৈ প্ৰেৰণ কৰা হৈছিল। তাতেই এজন স্থানীয়লোকে কিশোৰীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

দিপাৱলীৰ সময়ত কিশোৰীগৰাকী পুনৰ আহমেদাবাদৰ আশ্ৰমলৈ আহে।অনাথ আশ্ৰমৰ কৰ্মচাৰীয়ে তেওঁৰ শাৰীৰিক অৱস্থা দেখি সোধা পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে অনাথ আশ্ৰমৰ এগৰাকী মহিলা কৰ্মচাৰীৰ দ্বাৰা উচ্চতম ন্যায়ালয়ত গৰ্ভপাতৰ অনুমতি বিচাৰে। কিশোৰীগৰাকীয়েও ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে আদালতৰ সন্মুখত নিজৰ ইচ্ছা ব্যক্ত কৰে।

এই ঘটনা সন্দৰ্ভত অভিযুক্তৰ বিৰুদ্ধে পকচো আইনপ অধীনত গোচৰ ৰুজু হৈছে। আনহাতে বৰ্তমান কিশোৰীগৰাকী হাস্পাতালত আছে। কিশোৰীগৰাকীৰ মেডিকেল ৰিপোৰ্ট আদালতত জমা কৰা হৈছে।

সাধাৰণতে ২৪ সপ্তাহলৈ গৰ্ভপাতৰ অনুমতি দিয়া হয়। কিন্তু এই বিষয়টোত ভুক্তভোগীৰ প্ৰতি লক্ষ্য ৰাখি ২৭ সপ্তাহৰ অধিক সময়ৰ শিশুক গৰ্ভপাতৰ অনুমতি দিয়া হৈছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি গৰ্ভৰ ডিএনএ সুৰক্ষিত কৰিব লাগিব। এগৰাকী মনোবৈজ্ঞানিক আৰু ৩গৰাকী গাইনোকোলজিষ্টে কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰিব। যদি শিশুটি জীৱিত অৱস্থাত জন্ম লয় তেতিয়াহ'লে শিশুটিক জীয়াই ৰখাৰ চেষ্টা কৰা হ'ব।শিশুটিৰ সমগ্ৰ দায়িত্ব চৰকাৰে ল'ব লাগিব।

২৭ সপ্তাহৰ গৰ্ভৱতী কিশোৰীৰ গৰ্ভপাতৰ অনুমতি উচ্চ ন্যায়ালয়ৰ
জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in