নিৰ্বাচনৰ মাজতে বিশাল ৰেলী! মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

গুজৰাটত বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে। ইয়াৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনৰ মাজতে বিশাল ৰেলী! মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

modi

ডিজিটেল ডেস্ক: গুজৰাটত বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে। ইয়াৰ মাজতে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী মোডীয় ভোট দান কৰাৰ পাছত এটা ৰোড শ্ব' অনুষ্ঠিত কৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে।

Advertisment

অন্যহাতে বিজেপিয়ে কৈছে যে নিৰ্বাচনী আচৰণ বিধিৰ কোনো উলংঘন হোৱা নাই। প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল এই সময়ছোৱাত ভোটাৰ সকলক ভোট দিবলৈ আহ্বান জনাইছিল। লগতে বিজেপিয়ে কয় যে সকলোতকৈ বেছি নিয়ম প্ৰধানমন্ত্ৰীয়ে পালন কৰে।

কংগ্ৰেছ নেতা পৱন খেৰাই কয় যে, "যেতিয়া প্ৰধানমন্ত্ৰী মোডী ভোট দিবলৈ যায়, তেতিয়া তেওঁ আঢ়ৈ ঘণ্টাৰ ৰোড শ্ব' অনুষ্ঠিত কৰে।নিৰ্বাচন আয়োগে অভিযোগবোৰ নুশুনে কাৰণ তেওঁলোকে ভয় খাইছে। আমি সোনকালেই ইয়াক আইনীভাৱে গ্ৰহণ কৰিম।

কংগ্ৰেছ নেতা জগদীশ ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়াও প্ৰচাৰ চলাই আছে। সংবাদ মাধ্যমত তেওঁ চৰ্চা হৈ থাকিব বিচাৰে। গুজৰাটত বিজেপিয়ে ক্ষমতা হেৰুওৱাৰ উপক্ৰম হৈছে গতিকে তেওঁ এতিয়া ভোটৰ পৰিৱৰ্তে প্ৰচাৰ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে।

আৰু পঢ়ক: ধান মৰনা মাৰি থকা অৱস্থাত মেচিনৰ চকাৰ তলত সোমাই প্ৰাণ গ'ল শিশুৰ...

bjp gujarat narendra modi congress