/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/congress-1.jpg)
ডিজিটেল ডেস্ক: দল বিৰোধী কাৰ্যকালাপ সংঘটিত কৰাৰ অভিযোগ একাংশ নেতাক নিলম্বন কংগ্ৰেছৰ পৰা। কিছুদিন পূৰ্বে হৈ যোৱা গুজৰাট বিধানসভা নিৰ্বাচনত দল বিৰোধী কাৰ্যকালাপত লিপ্ত হোৱাৰ বাবে ৩৮ জন কৰ্মকৰ্তাক ৬ বছৰৰ বাবে নিলম্বন কৰে।
গুজৰাট নিৰ্বাচনত কংগ্ৰেছে ১৮২ খন আসনৰ মাত্ৰ ১৭ খন আসন লাভ কৰিবলৈহে সক্ষম হৈছিল। গুজৰাট কংগ্ৰেছৰ অনুশাসন সমিতিয়ে চলিত মাহত দুবাৰ আৰু এতিয়ালৈকে ৯৫ জন ব্যক্তিৰ বিৰুদ্ধে ৭১ টা অভিযোগ লাভ কৰিছে। তাৰ পাছতেই ৩৮ জনক শুকুৰবাৰে নিলম্বন কৰে।
কংগ্ৰেছ নেতা বলুভাই পেটেলে কয় যে ৩৮ জনৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে আন ৮ জন সদস্যক সতৰ্কবাণী প্ৰদান কৰা হৈছে।