মৃত্যু হ'ল শকুনি মামাৰঃ ৰৈ গ'ল কেৱল স্মৃতি...

মৃত্যু হ'ল শকুনি মামাৰঃ ৰৈ গ'ল কেৱল স্মৃতি...
মৃত্যু হ'ল শকুনি মামাৰঃ ৰৈ গ'ল কেৱল স্মৃতি...

ডিজিটেল ডেস্কঃ অৱশেষত শকুনি মামাৰ মৃত্যু! শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা শকুনি মামাই হাস্পতালতেই ত্যাগ কৰিলে শেষ নিশ্বাস। সমগ্ৰ বলিউডত জগতত পৰিছে শোকৰ ছাঁ।

আজিৰ পৰা কিছু বছৰৰ আগলৈকে যেতিয়া ব্যক্তিগত টেলিভিশ্যন চেনেলসমূহৰ পয়োভৰ নাছিল, ৰেডিঅ’ৰ বাদে কেৱল দূৰদৰ্শনেই মনোৰঞ্জনৰ মাধ্যম আছিল সেই সময়ৰ দূৰদৰ্শনৰ দৰ্শকসকলৰ বাবে অতি চিনাকী আছিল এই শকুনি মামা। অৱশ্যে চেটেলাইট চেনেলবোৰৰ আগমণৰ পাছতো তেওঁক দেখা গৈছিল ৰূপালী পৰ্দাত।

মহাকাব্য মহাভাৰতৰ আধাৰত নিৰ্মিত 'মহাভাৰত' ধাৰাবাহিকখন আজিও প্ৰতিজন ভাৰতীয়ৰ মনত নিগাজিকৈ সোমাই আছে। মহাভাৰতৰ প্ৰতিটো চৰিত্ৰই মানুহৰ মন মগজুত থিতাপি লৈ আছে।

তেনে এক জনপ্ৰিয় চৰিত্ৰ আছিল শকুনি। এখন ভৰি ছুটি আৰু বেঁকাকৈ অভিনয় কৰি শকুনিৰ চৰিত্ৰক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছিল গুফি পেণ্টাল নামৰ অভিনেতাগৰাকীয়ে।

সেই গুফি পেণ্টালেই অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে। যোৱা ৩১ মে’ত বাৰ্ধক্যজনিত ৰোগত ভূগি থকা অভিনেতাগৰাকীক অত্যাধিক অসুস্থ হৈ পৰাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

সেই হাস্পতালতেই অৱশেষত তেওঁ মৃত্যুক আকোৱালি ল’লে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। অভিনেতাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা এই সন্দৰ্ভত কয়, অতি দুখেৰে জনাও যে, আমাৰ গুফি পেণ্টালৰ আজি পুৱা মৃত্যু হৈছে।

অভিনেতাগৰাকীৰ ভাতৃ হিতেন পেণ্টালে সংবাদ মাধ্যমৰ আগত কয়, সোমবাৰে পুৱা ৯ বজাত তেওঁ আমাক এৰি গুছি গৈছে। ৮০ ৰ দশকত অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰা গুফি পেণ্টালে কেইবাখনো হিন্দী চিনেমাত অভিনয় কৰিছিল।

মহাভাৰতত শকুনিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। প্ৰতিজন ভাৰতীয়ৰ চিনাকী হৈ পৰিছিল তেওঁ। পৰৱৰ্তী সময়ত তেওঁ আন বহু চৰিত্ৰত অভিনয় কৰিলে যদিও কেৱল শকুনি চৰিত্ৰই মানুহৰ মানস পটত চিৰ দিনলৈ ৰৈ গ’ল। মহাভাৰতৰ শকুনি চৰিত্ৰক বাস্তৱিক ৰূপ প্ৰদান কৰি তেওঁ গুছি গ’ল অজান দেশলৈ। 

মৃত্যু হ'ল শকুনি মামাৰঃ ৰৈ গ'ল কেৱল স্মৃতি...
মাত্ৰ ৬,২০০ টকাতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুকুন্দ হ'ল আৰক্ষীৰ আলহী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in