মাত্ৰ ৬,২০০ টকাতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুকুন্দ হ'ল আৰক্ষীৰ আলহী...

মাত্ৰ ৬,২০০ টকাতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুকুন্দ হ'ল আৰক্ষীৰ আলহী...
মাত্ৰ ৬,২০০ টকাতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুকুন্দ হ'ল আৰক্ষীৰ আলহী...

ডিজিটেল ডেস্কঃ যি সময়ত ৰাজ্যত মেধাৰ ভিত্তিত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয় হাজাৰ হাজাৰ মেধাৱীক নিযুক্তি প্ৰদান কৰিছে সেই সময়তে আকৌ এচাম অসাধু চক্ৰই চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ বজাৰ মেলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ গুৱাহাটিস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহত নমা এজন যুৱকক গ্ৰেপ্তাৰ কৰা খবৰে এই দিশটোক পুনৰবাৰ উন্মোচিত কৰিলে।

অসম চৰকাৰৰ অধীনস্থ জ্যোতি চিত্ৰবনত চাকৰি দিয়াৰ নামত দীৰ্ঘদিনৰে পৰা ধন সংগ্ৰহ কৰি আহিছিল মুকুন্দ হীৰা নামৰ এজন যুৱকে। এই বিষয়ে অৱগত হোৱাত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে ভগদত্তপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰে।

এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে মুকুন্দ হীৰাক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বক্ৰ পথেৰে চাকৰি লাভৰ আশাত মুকুন্দৰ হাতত কেইবাজনেও ধন তুলি দিছে। তাৰে এগৰাকীয়ে জনোৱা অনুসৰি প্ৰথমে মুকুন্দ হীৰাই তেওঁৰ দোকানৰ সন্মুখত ৰৈ কোনো ব্যক্তিৰ লগত ফোনত জ্যোতি চিত্ৰবনত ২/৩ জন নিৱনুৱাক চাকৰি দিয়াৰ কথা আলোচনা কৰিছিল।

তেওঁৰ কথা শুনি ভুক্তভোগীৰ জ্যেষ্ঠ ভগ্নীয়ে তেওঁৰ পৰা সবিশেষ জানিবলৈ বিচৰাত তেওঁ জ্যোতি চিত্ৰবনত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিব বুলি জনায়। সেই অনুসৰিয়েই মুকুন্দ হীৰাৰ কথা মতেই ভুক্তভোগীয়ে ৬ হাজাৰ ২০০ টকা নিজৰ বাবে আৰু দুজনৰ বন্ধুৰ বাবে ১২ হাজাৰ ৪০০ টকা মিলাই সৰ্বমুঠ ১৮ হাজাৰ ৬০০ টকা প্ৰদান কৰে।

ইয়াৰে ১২ হাজাৰ ৪০০ টকা নগদ আৰু ৬ হাজাৰ ২০০ টকা গোগল পেৰ জৰিয়তে প্ৰদান কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই অসাধু চক্ৰটোৰ সৈতে আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে।

মাত্ৰ ৬,২০০ টকাতে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুকুন্দ হ'ল আৰক্ষীৰ আলহী...
বৰষুণে মাৰিব শেষ হাঁহি ! কাৰ হাটলৈ যাব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in