/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/75f057af-95f5-4a8f-b2ac-b36ce4c7aa22/AP_FOR_WEB_pakistan.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সৈতে গোপনীয় তথ্য শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এজন কৰ্মচাৰী। পাকিস্তানৰ নাগৰিকৰ সৈতে জি-২০ বৈঠকৰ লগতে অন্যান্য গোপনীয় তথ্য শ্বেয়াৰ কৰাৰ অভিযোগত গাজিয়াবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক।
গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীজন নবীন পাল বুলি চিনাক্ত হৈছে। পালে ছ'চিয়েল মিডিয়াত এগৰাকী পাকিস্তানৰ মহিলা লগ পাইছিল। সেই মহিলাগৰাকীৰ সৈতে হোৱাটছএপৰ জৰিয়তে বহু গোপন তথ্য শ্বেয়াৰ কৰাৰ অভিযোগ পালৰ বিৰুদ্ধে। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীৰ হোৱাটছএপ একাউন্টটোৰ অৱস্থিতি উত্তৰ প্ৰদেশৰ বৰেলীত দেখুৱাইছিল যদিও আই পি এড্ৰেছ পাকিস্তানৰ কৰাছীত পোৱা গৈছিল।
অভিযুক্তগৰাকীয়ে ভাৰত, এমইএ নথিপত্ৰ আৰু হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰিছিল। ৰাজস্থানৰ আলৱাৰৰ এগৰাকী মহিলাও আৰক্ষীয়ে লক্ষ্য কৰি আছে। নৱীন পালক আৰক্ষীয়ে সোধ পোচ অব্যাহত ৰখাৰ লগতে তদন্ত চলাই গৈছে।
Also Read: এইবাৰ স্বাস্থ্য বিভাগৰ মাধমাৰ, পূৰ্বতকৈ বেছি পঞ্জীয়ন মাচুল ভৰিব লাগিব ৰোগীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us