এইবাৰ স্বাস্থ্য বিভাগৰ মাধমাৰ, পূৰ্বতকৈ বেছি পঞ্জীয়ন মাচুল ভৰিব লাগিব ৰোগীয়ে

এইবাৰ স্বাস্থ্য বিভাগৰ মাধমাৰ, পূৰ্বতকৈ বেছি পঞ্জীয়ন মাচুল ভৰিব লাগিব ৰোগীয়ে

ডিজিটেল ডেস্কঃ সকলোফালে কেৱল মূল্যবৃদ্ধি। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি প্ৰতিটো সামগ্ৰীতে বৃদ্ধি পাইছে মূল্য। এইবাৰ স্বাস্থ্য খণ্ডতো হৈছে পৰিৱৰ্তন। জনতাই ভৰিব লাগিব অধিক টকা।

১০০ শতাংশ বৃদ্ধি হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ পঞ্জীয়ন মাচুল। পূৰ্বৰ ৫ টকাৰ পৰিৱৰ্তে এতিয়া ১০ টকাকৈ ভৰিব লাগিব পঞ্জীয়ন মাচুল। ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। মঙলবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।

ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা উচ্চ পৰ্যায়ৰ চিকিৎসালয়লৈ সকলোতে ১০ টকাকৈ মাচুল নিৰ্ধাৰণ কৰিছে ৰাজ্যচৰকাৰে। উল্লেখ্য যে, পূৰ্বতে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পঞ্জীয়ন মাচুল ৫ টকা আছিল আৰু ৰাজ্যিক পৰ্যায়ৰ চিকিৎসালয়ত প্ৰতিগৰাকী ৰোগীৰ পঞ্জীয়ন মাচুল আছিল ১০ টকা।  কিন্তু এতিয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰতো ৰোগীয়ে ভৰিব লাগিব ১০ টকা।

এই খবৰে এতিয়া সচেতন মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। ইতিমধ্যেই জনতাই পাচলি, পেট্ৰ'ল, চাউল আদিৰ মূল্যবৃদ্ধিত পানীত হাহনচৰা অৱস্থা হৈছে। তেনেস্থলত স্বাস্থ্য খণ্ডত মাচুল বৃদ্ধি কৰি জনতাক পুনৰ মাধমাৰ সোধাইছে চৰকাৰে।

এইবাৰ স্বাস্থ্য বিভাগৰ মাধমাৰ, পূৰ্বতকৈ বেছি পঞ্জীয়ন মাচুল ভৰিব লাগিব ৰোগীয়ে
সন্ধান ওলাল হিমাচলত নিৰুদ্দেশ হৈ থকা কল্যাণ গগৈ,দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in