অসন্তুষ্টি থাকিলেও কোনো বিল পেলাই থ'ব নোৱাৰিব ৰাজ্যপালেঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা...

অসন্তুষ্টি থাকিলেও কোনো বিল পেলাই থ'ব নোৱাৰিব ৰাজ্যপালেঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা...

author-image
Asomiya Pratidin
New Update
অসন্তুষ্টি থাকিলেও কোনো বিল পেলাই থ'ব নোৱাৰিব ৰাজ্যপালেঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা...

অসন্তুষ্টি থাকিলেও কোনো বিল পেলাই থ'ব নোৱাৰিব ৰাজ্যপালেঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা...

ডিজিটেল ডেস্কঃ বিধানসভাত পাছ হোৱা কোনো বিলক লৈ যদি ৰাজ্যপাল সন্তুষ্ট নহয় বা সেই বিলক লৈ তেওঁ অসন্তুষ্ট হয় তেন্তে তৎকালে সেই বিল পুনৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰিব লাগিব। সেই বিল তেওঁৰ টেবুলত পেলাই ৰাখিব নোৱাৰিব।

Advertisment

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠৰ এই সিদ্ধান্ত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত আপলোড কৰা হৈছে। এই ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে বিচাৰপীঠত আছিল ন্যায়াধীশ জে বি পাৰ্দিৱাল আৰু ন্যায়াধীশ মনোজ মিশ্ৰ।

উল্লেখ্য যে, সংবিধানৰ ২০০ নং অনুচ্ছেদত এই বিষয়টোক লৈ কিছু বিভ্ৰান্তি আছিল। সংবিধানত উল্লেখ আছিল, কোনো বিল আহিলে ৰাজ্যপালৰ সন্মুখত তিনিটা পথ খোলা আছে। সেই বিলত তেওঁ সন্মতি প্ৰকাশ কৰিব পাৰে, অথবা অসন্মতি প্ৰকাশ কৰিব পাৰে নতুবা বিলখন ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে ৰাখিব পাৰে।

অসন্মতি প্ৰকাশৰ ক্ষেত্ৰত তেওঁ বিলখনৰ যি অংশ পুনৰ বিবেচনাৰ প্ৰয়োজন বুলি ভাবে সেই বিষয়ে উল্লেখ কৰি বিধানসভালৈ পুনৰ প্ৰেৰণ কৰিব পাৰে। বিধানসভাই সেই বিল পৰিৱৰ্তন কৰি বা নকৰাকৈ পুনৰ ৰাজ্যপালৰ কাষলৈ প্ৰেৰণ কৰিলে তেওঁ স্বাক্ষৰ কৰিবলৈ বাধ্য হয়।

কিন্তু ৰাজ্যপালৰ অসন্মতি থাকিলে তেওঁ সেই বিল পুনৰ বিধানসভালৈ প্ৰেৰণ কৰিবলৈ বাধ্য নে বাধ্য নহয় সেই বিষয়ে সংবিধানত কোনো স্পষ্ট উল্লেখ নাছিল। শেহতীয়াকৈ তামিলনাডু চৰকাৰ আৰু তামিলনাডু ৰাজ্যপালৰ সংঘাতৰ মাজত সংবিধানৰ এই দিশটোত লৈ প্ৰশ্ন উত্থাপন হৈছিল।

বিগত ১০ নৱেম্বৰত পঞ্জাৱ চৰকাৰ বনাম পঞ্জাৱ ৰাজ্যপাল গোচৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে কয়, ৰাজ্যপালে বিলখনক লৈ অসন্মতি হ'ব পাৰে। কিন্তু বিলখন অসন্মতি প্ৰকাশ কিৰ বা সন্মতি প্ৰকাশ কৰি স্থগিত ৰাখি পেলাই থ'ব নোৱাৰিব। বিলম্ব নোহোৱাকৈ সেই বিল পুনৰ ঘূৰাই পঠিয়াব লাগিব।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত এই বিষয়ে আপলোড কৰা হৈছে। বিচাৰপীঠে স্পষ্টকৈ কৈছে, ৰাজ্যপাল নিৰ্বাচিত জনপ্ৰতিনিধি নহয়। সেয়েহে তেওঁ নিৰ্বাচিত চৰকাৰৰ আইন প্ৰণয়নৰ কামত বাধা দিবলৈ সংবিধানৰ ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে। সংসদীয় গণতন্ত্ৰত প্ৰকৃত ক্ষমতা নিৰ্বাচিত চৰকাৰৰ হাততহে থাকিব।

Also Read: আছুৰ সভাপতি, সম্পাদকৰ দায়িত্ব লাভ কৰি উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱাই কি ক'লে...

উচ্চতম ন্যায়ালয়