ড্ৰোণ চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশনা

ড্ৰোণ চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
ড্ৰোণ চলোৱাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নিৰ্দেশনা

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা যিকোনো লোকে চলাব নোৱাৰিব ড্ৰোণ। ড্ৰোণ চালকলৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এতিয়াৰ পৰা ড্ৰোণ চালকক লাগিব বিভিন্ন নথি-পত্ৰ।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে নতুন ড্ৰোন (সংশোধনী) নিয়ম ২০২৩ অনুসৰি এক জাননীত এই কথা উল্লেখ কৰিছে। বৃহস্পতিবাৰে প্ৰকাশ কৰা জাননীত উল্লেখ থকা অনুসৰি চৰকাৰৰ দ্বাৰা জাৰী কৰা পৰিচয় পত্ৰ আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ থকা লোককহে ড্ৰোন চলাবলৈ অনুমতি দিয়া হ'ব।

এইসমূহ নথি-পত্ৰৰ ভিতৰত ভোটাৰ আই ডি, ৰেচন কাৰ্ড, বা ড্ৰাইভিং লাইচেঞ্চ ইত্যাদি চৰকাৰী নথি থাকিলেহে ড্ৰোণ চলাব পাৰিব। অন্যথা আইন বিৰুদ্ধ বুলি গণ্য কৰা হ'ব বুলি জানিব পৰা গৈছে।

Also Read: বিশ্বকাপ ২০২৩ : প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ দৰ্শনীয় বিজয়

drone