/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6fc03c88-a16c-4b77-be95-51ff8d46ce63/cricket_AP_WEB.jpg)
ডিজিটেল ডেস্ক : আজিৰে পৰা ভাৰতৰ মাটিত আৰম্ভ হৈছে বিশ্বকাপ এদিনীয়া ক্ৰিকেটৰ মহাৰণ। বৃহস্পতিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে প্ৰতিযোগিতাৰ প্ৰথমখন মেচ।
এই মেচখনত ভাগ লৈছে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু বিগত বিশ্বকাপৰ ৰাণাৰ্ছ-আপ নিউজিলেণ্ডে। আজিৰ এই মেচখনৰ টছত নিউজিলেণ্ডে জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়।
সেয়ে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে পোনতে বেট ধৰি নিৰ্ধাৰিত অ'ভাৰত ৯ উইকেট হেৰুৱাই ২৮২ ৰাণ সংগ্ৰহ কৰে। জয়ৰ বাবে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে মাত্ৰ ১টা উইকেই হেৰুৱাই ৩৬.০২ অ'ভাৰতে ২৮৩ৰাণ সংগ্ৰহ ৯ৰ বিনিময়ত উইকেটত বিজয়ী হয়।
বিজয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰা নিউজিলেণ্ডৰ হৈ প্ৰতিযোগিতাৰ প্ৰথমটো শতক অৰ্জন কৰে ডেভ'ন ক'নৱে। তেওঁ ১৫২ৰাণ সংগ্ৰহ কৰে। আনহাতে আনটো শতক অৰ্জন কৰে ৰশ্বিন ৰবীন্দ্ৰই। তেওঁ কৰে ১২৩ ৰাণ।
দুয়োগৰাকী প্ৰতিভাৱান বেটাৰৰ সহায়ত নিউজিলেণ্ডে বিজয় সাৱ্যস্ত কৰে। ইফালে পৰাস্ত হ'লেও এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ডে গঢ়ে এক অভিলেখ। এদিনীয়া ক্ৰিকেট ইতিহাসৰ ৪৬৫৮ খন মেচৰ অন্তত প্ৰথমবাৰৰ বাবে এটা ইনিংছত ইংলেণ্ডৰ ১১ গৰাকী ক্ৰিকেটাৰে সংগ্ৰহ কৰিলে দুটা সংখ্যাৰ ৰাণ। ইয়াৰোপৰি প্ৰতিযোগিতাৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে তাৰকা বেটছমেন জ' ৰুটে। তেওঁ ৭৭ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে।