চৰকাৰে কাৰো ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰেঃ সমকামী বিবাহৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী

সমকামী বিবাহত বৈধতা প্ৰদান কৰিবনে নাই এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত সোমবাৰে শুনানি হয়। ন্যায়ালয়ে কয় যে এই সন্দৰ্ভত চূড়ান্ত শুনানি ১৮ এপ্ৰিলত লোৱা হ'ব।
Kiren Rijiju
Kiren Rijiju

ডিজিটেল ডেস্কঃ সমকামী বিবাহত বৈধতা প্ৰদান কৰিবনে নাই এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত সোমবাৰে শুনানি হয়। ন্যায়ালয়ে কয় যে এই সন্দৰ্ভত চূড়ান্ত শুনানি ১৮ এপ্ৰিলত লোৱা হ'ব। কিয়নো ই এক গুৰুত্বপূৰ্ণ বিষয়,যিয়ে সমাজত যথেষ্ঠ প্ৰভাৱ পেলাব। ইয়াৰ পূৰ্বে দেওবাৰে কেন্দ্ৰই উত্তৰ দাখিল কৰি সমকামী বিবাহৰ স্বীকৃতিৰ বিৰোধিতা কৰিছিল।

সমাকামী বিবাহৰ ওপৰত মন্তব্য কৰে আইন মন্ত্ৰী কিৰন ৰিজিজুয়ে। তেওঁ কয় যে চৰকাৰে কাৰোৱেই ব্যক্তিগত স্বাধীনতা আৰু কাৰ্যকলাপত ব্যাঘাত নকৰে । কিন্তু বিবাহৰ সৈতে সম্পৰ্কিত বিষয়টো নীতিগত বিষয় ।

ন্যায়ালয়ত কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত ৰিজিজুৱে কয়, "চৰকাৰে কাৰো ব্যক্তিগত জীৱন, ব্যক্তিগত কাৰ্যকলাপত হস্তক্ষেপ কৰা নাই। গতিকে কোনো বিভ্ৰান্তি হোৱা উচিত নহয়। কিন্তু যেতিয়া বিবাহৰ সৈতে সম্পৰ্কিত এটা বিষয়ৰ কথা আহে, তেতিয়া ই নীতিৰ বিষয় হৈ পৰে।

Kiren Rijiju
২ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in