২ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন

ওদালগুৰি জিলাৰ মাজবাটত দুই কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।
 ২ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ মাজবাটত দুই কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন কৰে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।সোমবাৰে দিনৰ ১ মান বজাত মাজবাট ৰাজহ চক্রৰ কাৰ্যালয় এলেকাত দুই কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন কৰি প্ৰমোদ বড়োয়ে কয় যে মাজবাট অঞ্চলৰ ৰাইজৰ বহুদিনৰ সপোন আজি মই সম্পূৰ্ণ কৰিলো।

বি টি চিৰ বিপিএফ চৰকাৰে ১৭ বছৰত নোৱাৰা কাম বি টি আৰ চৰকাৰে তিনি বছৰত কৰি দিলে। বি টি আৰৰ মুৰব্বী তথা জন নেতা প্ৰমোদ বড়ো,৩৯ নং পাঁচনৈ চেৰফাং পৰিষদিয় সমষ্টিৰ এম চি এল এ দীপক মৌৰ,কাৰ্যবাহী সদস্য নিলোৎ চৰ্গয়াৰীক মাজবাটৰ নিচিনা এখন সৰু ঠাইত বড়োলেণ্ড অতিথি শালাৰ নিৰ্মাণ কাৰ্য্য হাতত লোৱাৰ বাবে মাজবাট ৰাইজে প্রসংশা কৰাৰ লগতে ধন্যবাদ জনায় ।

আজিৰ এই আধাৰশিলা স্থাপন কৰা কাৰ্য্যসূচীত উপস্থিত থাকে বি টি আৰৰ কাৰ্য্যবাহী সদস্য ধৰ্মনাৰয়ণ দাস, মাজবাট ৰাজহ চক্রৰ চক্র বিষয়া উৎপল কুমাৰ ডেকা, মাজবাট মহাবিদ্যালয় অধ্যক্ষ ড০ প্ৰদীপ কুমাৰ শৰ্মা,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰন গোঁড়, পূৰ্ণৰাম ডেকা, মাজবাটৰ যুৱ সমাজে সেৱক দিনেশ ৰাভা, ব্যৱসায় কৃপাল গোস্বামী, ৰাতুল কলিতা, আদি উপস্থিত থাকে।

 ২ কোটি ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া বড়োলেণ্ড অতিথি শালাৰ আধাৰশিলা স্থাপন
চিৰাঙৰ বাসুগাঁৱত পাৱাৰলুমৰ গামোছাৰ বিৰুদ্ধে অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in