চৌদিশৰ পৰা আদানীৰ বিপদ ! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া...

চৌদিশৰ পৰা আদানীৰ বিপদ ! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া...
চৌদিশৰ পৰা আদানীৰ বিপদ ! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া...

ডিজিটেল ডেস্কঃ এদিনৰ পাছত আনদিনা হোৰাহোৰে কমিছে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ। শুকুৰবাৰে আদানীয়ে ১২ বিলিয়ন মাৰ্কিন ডলাৰ হেৰুওৱাৰ পাছত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ স্থান হয়গৈ ২০।

কেইদিনমান আগলৈকে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত থকা আদানীৰ এই পতন আৰম্ভ হৈছিল হিণ্ডেনবাৰ্গৰ অনুসন্ধানমূলক এক প্ৰতিবেদনৰ পাছত। বৰ্তমান আদানীৰ সম্পত্তিৰ মূল্য ৬১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।

ফৰ্বছৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৮০.৩ বিলিয়ম মাৰ্কিন ডলাৰ সম্পত্তিৰে ১২ নম্বৰ স্থানত মুকেশ আম্বানী। ইফালে আদানীৰ বিপদ ইয়াতে অন্ত পৰা নাই। আমেৰিকাৰ ষ্টক এক্সেঞ্জ ইনডেক্সৰ পৰা আঁতৰাই দিয়া হৈছে আদানী এণ্টাৰপ্ৰাইজৰ নাম।

বিশ্বৰ বিভিন্ন ষ্টক এক্সেঞ্জত অন্তৰ্ভুক্ত ২৫০০ কোম্পানীৰ মাজৰ পৰা নিৰ্বাচিত ১০ শতাংশ কোম্পানীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু আমেৰিকাৰ এই ষ্টক এক্সেঞ্জৰ পৰা আদানীৰ কোম্পানীৰ নাম আঁতৰাই দিয়াৰ অৰ্থ হ'ল নিবেশকাৰীৰ ওচৰত তেওঁৰ কোম্পানীয়ে বিশ্বাসযোগ্যতা হেৰুৱাইছে।

আদানী কোম্পানীয়ে ২০১৭ চনতেই আদানী পাৱাৰ লিমিটেডৰ জৰিয়তে এক চুক্তি কৰিছিল। এই চুক্তি অনুসৰি বাংলাদেশ বিদ্যুৎ উন্নয়ন ব'ৰ্ডে ক্ৰয় কৰিছিল ঝাৰখণ্ডৰ গুদ্দা জিলাত থকা থাৰ্মেল প্লাণ্টৰ পৰা বিদ্যুৎ। বাংলাদেশ বিদ্যুৎ উন্নয়ন পৰিষদে এক পত্ৰ প্ৰেৰণ কৰি জনাইছে যে এই উচ্চ হাৰাত আৰু আদানী কোম্পানীৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব নোৱাৰে।

আদানী পাৱাৰ লিমিটেডে প্ৰতি টন কয়লা ৪০০ ডলাৰত ক্ৰয় কৰা দেখুৱাই বাংলাদেশক উচ্চ মূল্যত বিদ্যুৎ যোগান ধৰিছিল। বাংলাদেশৰ বিদ্যুৎ পৰিষদে পত্ৰত উল্লেখ কৰিছে যে, তেওঁলোকৰ থাৰ্মেল প্ৰজেক্টসমূহত প্ৰতি টন কয়লা ২৫০ ডলাৰত ক্ৰয় কৰি বিদ্যুৎ উৎপাদন কৰি আহিছে। তেনে ক্ষেত্ৰত তেওঁলোকে এই উচ্চ হাৰত বিদ্যুৎ ক্ৰয় কৰিব নোৱাৰে আদানীৰ কোম্পানীৰ পৰা।

চৌদিশৰ পৰা আদানীৰ বিপদ ! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া...
ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ 'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in