ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ 'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...

ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ  'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...
ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ 'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...

ডিজিটেল ডেস্কঃ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই সদায় এক প্ৰতিবাদী কণ্ঠ হৈ আহিছে। বাৰ্টেন ৰাছেলৰ দৰেই তেওঁ এজন সেই শাৰীৰ দাৰ্শনিক সমাজবিজ্ঞানী। অসমৰ জাতীয় সমস্যাক লৈ সদায় সৰৱ ড০ গোহাঁই।

ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই তেখেত বুৎপত্তি থকা বুদ্ধিজীৱি। অধিকাৰৰ হকে মাত মাতোটে তেওঁ বহু সময়ত লাঞ্ছনাৰো বলি হ'বলগীয়া হৈছে। কিন্তু তেওঁৰ কণ্ঠ স্থবিৰ হৈ ৰৈ যোৱা নাই।

এই বয়সতো তেওঁ সপ্ৰতিভ আৰু জাতীয় জীৱনৰ সংকটৰ মুহূৰ্তত সন্মুখত থিয় হৈ আহিছে। অসমৰ বিবেক ড০ হীৰেন গোহাঁই। বিশিষ্ট চিন্তাবিদগৰাকীৰ জীৱন ভিত্তিক তথ্য চিত্ৰ 'গণতন্ত্ৰৰ ৰণুৱা'ৰ আনুষ্ঠানিক ভাৱে ৩ ফেব্ৰুৱাৰীত শুভ প্ৰদৰ্শন কৰা হয়।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাসে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনৰ প্ৰযোজনা আৰু আঁতধৰোতা মাইনী মহন্ত। উক্ত তথ্যচিত্ৰ প্ৰদৰ্শন অনুষ্ঠান জ্যোতি চিত্ৰবণ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ সময়ত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই তেওঁৰ পত্নী ৰাণী গোহাঁইৰ উপৰিও বহু সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে।

চলচ্চিত্ৰখন চাই ড০ হীৰেন গোহাঁয়ে সন্তুষ্টি ব্যক্ত কৰে। তথ্যচিত্ৰখন প্ৰদৰ্শনৰ পূৰ্বে অনুষ্ঠানত বিশিষ্ট চিন্তাবিদগৰাকীক আদৰ, সম্ভাষণ জনাই চলচ্চিত্ৰখনৰ প্ৰযোজক গোষ্ঠীয়ে। আৰম্ভণিতে তেওঁ কয়, বহু সময়ত মই গালি খালো। তেতিয়া মনলৈ ভাব আহিছিল মই কলা হোৱা হলেই ভাল আছিল।

এতিয়া কিন্তু কাণেৰে নুশুনা হৈছো। হিয়েৰিং যন্ত্ৰলৈ শুনিবলৈ চেষ্টা কৰো। এতিয়া প্ৰশংসা বহুত হৈছে। কিন্তু কাণেৰে নুশুনা হৈছো। তেওঁ লগতে কয়, মানুহে কি কয় সেয়াহে ডাঙৰ কথা।

ড০ হীৰেন গোহাঁইৰ দৰে বিশাল ব্যক্তিত্বৰ জীৱন গাথা এনেদৰে তুলি ধৰা সম্ভৱ নহয় যদিও তেওঁলোকে কৰা প্ৰয়াশক দিহা পৰামৰ্শৰে পৰৱৰ্তী আন এক খণ্ড প্ৰস্তুত কৰাত সহায় কৰিবলৈ বিদ্বান মহলক আহ্বান জনাই মাইনী মহন্তই।

অনুষ্ঠানটোত উপস্থিত থকাসকলৰ ভিতৰত কীৰ্তি কমল ভূঞা, দেৱব্ৰত দাস, হাইদৰ হুছেইন, অনুৰাধা শৰ্মা পূজাৰী, ডাঃ নভনীল বৰুৱা, ময়ূৰ বৰা, পৰেশ মালাকাৰ আদি সকলোৱে তথ্যচিত্ৰখন চাই সন্তুষ্টি ব্যক্ত কৰে। আৰম্ভণিতে তথ্যচিত্ৰখনৰ শুভ উদ্বোধন কৰি বিশিষ্ট সমাজবিজ্ঞানী অপূৰ্ব বৰুৱাই ড০ হীৰেন গোহাঁই সন্দৰ্ভত ভালে কেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তথ্যচিত্ৰখনত ড০ হীৰেন গোহাঁই সন্দৰ্ভত বিভিন্ন দিশ পৰ্যালোচনা কৰে ক্ৰমে নিত্য বৰা, অজিত কুমাৰ ভূঞা, অখিল ৰঞ্জন দত্ত, অৰবিন্দ ৰাজখোৱা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আদিয়ে।

ড০ হীৰেন গোহাইৰ জীৱন ভিত্তিক তথ্য চিত্ৰ  'গণতন্ত্ৰৰ ৰণুৱা'ৰ শুভ প্ৰদৰ্শন...
অৱসৰ ল'লে অসমৰ সফল ক্ৰিকেটাৰ আবু নেছিম আহমেদেঃ ক'লে ভৱিষ্যত পৰিকল্পনাৰ কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in