প্ৰসংগ মণিপুৰঃ ''ভুল স্বীকাৰ কৰিব লাগিব বুলিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী''

প্ৰসংগ মণিপুৰঃ ''ভুল স্বীকাৰ কৰিব লাগিব বুলিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী''

author-image
Asomiya Pratidin
New Update
প্ৰসংগ মণিপুৰঃ ''ভুল স্বীকাৰ কৰিব লাগিব বুলিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী''

প্ৰসংগ মণিপুৰঃ ''ভুল স্বীকাৰ কৰিব লাগিব বুলিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী''

ডিজিটেল ডেস্কঃ'মণিপুৰলৈ ৰাহুল গান্ধী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ আন বহু গৈছিল।কিন্তু কিয় নগ’ল প্ৰধানমন্ত্ৰী? মণিপুৰৰ বাবে মুখ খুলিবলৈ ৩০ ছেকেণ্ডৰ বাবে কিয় ৮০ দিনৰ সময়ৰ প্ৰয়োজন হ’ল?'- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীক্ষ্ণ সমালোচনা কৰি এই মন্তব্য কৰিলে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

Advertisment

মঙ্গলবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ মাজতে বিৰোধীয়ে উত্থাপন কৰা আনস্থা প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে। আনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ আৰম্ভণিতে বক্তব্য ৰাখে ২৬ জুলাইত এই প্ৰস্তাৱ উত্থাপন কৰা গৌৰৱ গগৈয়ে।

বক্তব্যৰ আৰম্ভণিৰ পৰা শেষলৈ মণিপুৰ প্ৰসংগত নৰেন্দ্ৰ মোডীক তীক্ষ্ণ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰক তেওঁ তীব্ৰ কটাক্ষ কৰে। সমান্তৰালকৈ তেওঁ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।

নিজৰ বক্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে কয়, ভুল স্বীকাৰ কৰিব লাগিব বুলি ভাবিয়েই মৌন হৈ আছে প্ৰধানমন্ত্ৰী। তেওঁ কয়, মণিপুৰলৈ ৰাহুল গান্ধী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহসহ আন বহু গৈছিল। কিন্তু কিয় নগ’ল প্ৰধানমন্ত্ৰী?

মণিপুৰৰ বাবে মুখ খুলিবলৈ ৩০ ছেকেণ্ডৰ বাবে কিয় ৮০ দিনৰ সময়ৰ প্ৰয়োজন হ’ল? প্ৰধানমন্ত্ৰী এন বীৰেন সিঙক কিয় অপসাৰণ কৰা নহল? প্ৰধানমন্ত্ৰীয়ে গুজৰাট, উত্তৰাখণ্ড, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰিছিল।

ইয়াৰোপৰি গৌৰৱ গগৈয়ে কয়, মণিপুৰ জ্বলিছে মানে ভাৰত জ্বলিছে। বিচাৰ বিচাৰিছে মণিপুৰে। মণিপুৰৰ ডাবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হৈছে। মোডীজী নীৰৱ, কাৰণ তেওঁ মুখ খুলিলেই মণিপুৰৰ ডবল ইঞ্জিন চৰকাৰ ব্যৰ্থ হোৱাটো স্বীকাৰ কৰা হ'ব। ভুল স্বীকাৰ কৰিব নিবিচাৰে বাবেই তেওঁ মৌন।

লগতে তেওঁ কয়, ২০২১ চনত দেশ যেতিয়া কোভিড পৰিস্থিতিত আছিল সেই সময়ত পশ্চিমবংগৰ নিৰ্বাচনত ভোট বিচাৰিছিল প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, বিৰোধী গোটৰ অৱস্থান স্পষ্ট। বিৰোধীয়ে বিচাৰিছে মণিপুৰক লৈ বিবৃতি দিয়ক প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ বাবেই আনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছো আমি। মণিপুৰক বিচাৰ লাগে।

Also Read: সংসদত আনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্কঃ প্ৰধানমন্ত্ৰী মোডীক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ...

গৌৰৱ গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মণিপুৰ