গুগলৰ চুক্তি স্বাক্ষৰ! এতিয়াৰ পৰা আপোনাৰ তথ্য ব্য়ক্তিগত...

গুগলৰ চুক্তি স্বাক্ষৰ! এতিয়াৰ পৰা আপোনাৰ তথ্য ব্য়ক্তিগত...

ডিজিটেল ডেস্কঃ পৃথিৱীত বহু দেশত চাৰ্চ ইঞ্জিন (তথ্য অনুসন্ধান) হিচাপে মানুহে গুগল ব্যৱহাৰ কৰে। ভাৰতত কোটি কোটি জনতা গুগলৰ ওপৰতে নিৰ্ভৰশীল। খবৰ অনুসৰি গুগলে এটা গোচৰত গোচৰ দিওতাৰ সৈতে আপোচ কৰিছে। কিন্তু ইয়ে সমগ্ৰ গুগল ব্যৱহাৰকাৰীৰ ওপৰত প্ৰভাৱ পেলাব।

ধৰি লওঁক আপুনি গুগলত ব্যক্তিগতভাৱে কিবা বিচাৰি আছে আৰু ইয়াক নজনাকৈ গুগলে আপোনাৰ সকলো কাৰ্যকলাপ ট্ৰেক আৰু ৰেকৰ্ডিং কৰি আছে। গোচৰটোত আছিল যে ব্যৱহাৰকাৰীয়ে গুগলত কি বিচাৰিছে সেয়া কোনোৱে নজনাকৈয়ে গুগলে ২০১৬ চনৰ ১ জুনৰ পৰা ৰেকৰ্ড কৰি আছিল।

যেতিয়া ব্যৱহাৰকাৰীয়ে চেটিং সলনি কৰি ভাবিছিল যে তেওঁলোকৰ সকলো তথ্য ব্যক্তিগত হৈ আছিল, তেতিয়াও গুগলে সকলো ৰেকৰ্ড ৰাখিছিল। ইয়াৰ বিৰুদ্ধে ২০২০ চনত এক গোচৰ ৰুজু হৈছিল। কোৱা হৈছিল যে, গুগলে অবৈধভাৱে লাখ লাখ ব্যৱহাৰকাৰীৰ ব্ৰাউজিং ট্ৰেক কৰি আছে। গুগলৰ এলফাবেট গোটে এইটো কৰি আছিল। ইয়াৰ বাবে গুগলে মানুহ, বন্ধুবৰ্গ, প্ৰিয় খাদ্য, অভ্যাস, বজাৰ, ৰুচি অন্যান্য বস্তুৰ বিষয়ে সকলো ধৰণৰ তথ্য লাভ কৰিছিল।

এতিয়া ৪১ -৬৫ কোটি টকা ব্য়য় সাপেক্ষে এখন চুক্তি হৈছে। কিন্তু ইয়াৰ লাভালাভটো বাকী গুগল ব্যৱহাৰকাৰীসকলৰ বাবেও হ'ব। চুক্তি অনুসৰি, গুগলে এতিয়া ব্যক্তিগত ব্ৰাউজিঙত কি তথ্য সংগ্ৰহ কৰিছে সেয়া জনাব। আনহাতে এতিয়ালৈকে সংগ্ৰহ কৰা তথ্য বিলোপ কৰা হ'ব। আনহাতে ইচ্ছা অনুযায়ী ব্যৱহাৰকাৰীয়ে কুকিজ ব্লক কৰিব পাৰিব। এই গোচৰ সন্দৰ্ভত গুগলে কৈছে যে, এয়া কেৱল কাৰীকৰি দিশৰ লগত জড়িত আছিল। ইয়াত কোনো ব্যক্তিগত সম্পৰ্ক নাছিল।

গুগলৰ চুক্তি স্বাক্ষৰ! এতিয়াৰ পৰা আপোনাৰ তথ্য ব্য়ক্তিগত...
মা দুৰ্গা সন্দৰ্ভত বিতৰ্কিত মন্তব্য! হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in