মা দুৰ্গা সন্দৰ্ভত বিতৰ্কিত মন্তব্য! হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে

bhupen bora
bhupen bora

ডিজিটেল সংবাদ, নলবাৰীঃ শ্ৰীকৃষ্ণক জেহাদী বুলি কোৱাৰ পাছত এইবাৰ মা দুৰ্গাক টাৰ্গেট কৰি ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। মা দুৰ্গা সন্দৰ্ভত বিতৰ্কিত কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। ইয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মিঞা মুছলমানৰ স্বাৰ্থত ভূপেন বৰাই এনেদৰে বাৰে বাৰে হিন্দু ধৰ্মক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই।

পূৰ্বে শ্ৰীকৃষ্ণক জেহাদী বুলি কৈ হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ ভূপেন বৰাৰ বিৰুদ্ধে ৷ সেইবাৰ সনাতনী হিন্দু ধৰ্মৰ আৰাধ্য দেৱতা ভগৱান শ্ৰীকৃষ্ণক জেহাদী সজাই ৰাইজৰ ৰোষত পৰি ক্ষমা খুজি তৎ পোৱা নাছিল বৰাই।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে নগাঁৱত হিন্দু ধৰ্মৰ শক্তিৰ আৰাধ্যা দেৱী মা দুৰ্গা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে। সভাত বিজেপিৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাক আক্ৰমণ কৰিবলৈ গৈ ভূপেন বৰাই মা দুৰ্গাক ভেঙুচালি কৰি বক্তব্য প্ৰদান কৰে।

তেওঁ কয় যে দুৰ্গা পূজাত আগতে ছাগলী বলি দিয়া প্ৰথা আছিল। দুৰ্গা পূজাত বলি দিবলৈ কিছুমানে যেনেকৈ ছাগলীটো টানি টানি লৈ যায়, ঠিক তেনেকৈ নগাঁও লোকসভা নিৰ্বাচনত বিজেপিয়ে সুৰেশ বৰাক ছাগলীৰ দৰে বলিশাললৈ টানি আনিছে ।

তেওঁৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে নলবাৰীৰ বেলশৰৰ বিলেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপাধ্যক্ষগৰাকী। আজি বিলেশ্বৰ দেৱালয়ৰ দলৈ তথা অসম দেৱালয় সংঘৰ উপাধ্যক্ষগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলৰ এজন মুৰব্বীৰ মুখত এনেকুৱা ভাষা শোভা নাপায়। ক’বলৈ গ’লে তেওঁৱেই কংগ্ৰেছ দলটোক বেছিকৈ ডুবাইছে। তেওঁৰ কথা-বতৰাত আমাৰ মঠ-মন্দিৰ, ভক্তপ্ৰাণ সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। যাৰ বাবে আমি তেওঁৰ বিৰুদ্ধে কথা ক’বলগীয়া হৈছে। অসমতে থাকি, ভাৰততে থাকি মিঞা মুছলমানৰ স্বাৰ্থত ভূপেন বৰাই সনাতনী হিন্দু ধৰ্মক তুচ্চ-তাচ্চিল্য কৰি আমাক বাধ্য কৰালে সন্মুখলৈ ওলাই অহাৰ কাৰণে।

দলৈগৰাকীয়ে ভূপেন বৰাই সুৰেশ বৰা সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁ সুৰেশ বৰাক ছাগলীৰ দৰে টানি বলিশাললৈ অনাৰ কথা কৈ ভগৱানক তুচ্চ-তাচ্চিল্য কৰিছে। ভূপেন বৰাই ইয়াৰ বাবে ক্ষমা খুজিব লাগে বুলি তেওঁ কয়।

তেওঁ অসমৰ মঠ-মন্দিৰৰ ওচৰত, ভগৱানৰ ওচৰত ভূপেন বৰাক ক্ষমা খুজিবলৈ দাবী জনায়। নগাঁৱত ভূপেন বৰাই সুৰেশ বৰাক ছাগলীৰ দৰে বলিশাললৈ টানি অনাৰ কথা যি ভংগীমাৰে প্ৰকাশ কৰিছিল সেই ভংগীমাটো লজ্জাজনক বুলি ক্ষোভেৰ প্ৰকাশ কৰে দলৈগৰাকীয়ে। এনেধৰণৰ বক্তব্যৰ বাবে ভূপেন বৰা চিৰদিনৰ বাবে ৰাজনৈতিক পথাৰখনৰ পৰা নিঃচিহ্ন হৈ যাব বুলি তেওঁ মন্তব্য কৰে।

ভৱিষ্যতে তেওঁ ভূপেন বৰাক সনাতনী হিন্দু তথা হিন্দু ধৰ্মৰ দেৱ-দেৱীক লৈ এনেধৰণৰ মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। দলৈগৰাকীয়ে ভূপেন বৰাক প্ৰথমে দেৱ-দেৱীৰ মঠ-মন্দিৰসমূহলৈ গৈ বেদ-উপনিষদসমূহ পঢ়ি জ্ঞান অৰ্জন কৰিবলৈ আৰু পাছত ৰাজনীতিত আহিবলৈ আহ্বান জনায়।

bhupen bora
বিশ্বৰ সকলো ধৰ্ম অধ্যয়নৰ পাছত গুৰুজনাৰ নীতি-আদৰ্শ গ্ৰহণ ইজৰাইলী নাগৰিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in