গুগল মেপৰ ভুল ঠিকনা ! গাড়ী পৰিল নদীত,২ চিকিৎসক নিহত

প্ৰবল বৃষ্টিপাত আৰু পোহৰ কমি যোৱাৰ ফলত পেৰিয়াৰ নদীত বাহনখন বাগৰি পৰে
গুগল মেপৰ ভুল ঠিকনা ! গাড়ী পৰিল নদীত,২ চিকিৎসক নিহত

ডিজিটেল ডেস্ক : আজিকালি একাংশ লোকে গাড়ী চলাওতে গুগল মেপ ব্যৱহাৰ কৰে। কোনো এখন ঠাইৰ ঠিকনা নিৰ্ণয় কৰিবলৈ হ'লে গুগল মেপৰ সহায় লোৱা হয়। প্ৰযুক্তি বিদ্যাৰ দ্ৰুত সম্প্ৰাসৰণে মানুহৰ দৈনন্দিন জীৱন-ধাৰণ শৈলীত ভালেখিনি পৰিৱৰ্তন আনিছে।

কিন্তু প্ৰায়েই মেপ ব্যৱহাৰ কৰা সকলে কেতিয়াবা কেতিয়াবা উজুটি খাব লগা হোৱা ঘটনা সংঘটিত হোৱাৰ নজিৰ নথকা নহয়। এইবাৰ যাত্ৰীক গুগল মেপে দেখুৱালে জলপথৰ ঠিকনা।

এই ঘটনা সংঘটিত হৈছে কেৰালাৰ কোচি চহৰত। দেওবাৰে মাজনিশা দুগৰাকী চিকিৎসকসহ ৫গৰাকী যাত্ৰীয়ে গুগল মেপৰ সহায়ত গাড়ী চলাই যাত্ৰা কৰোতে নৈত বাগৰি পৰে।

ফলত দুগৰাকী চিকিৎসকৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বাকী ৩গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰবল বৃষ্টিপাত আৰু পোহৰ কমি যোৱাৰ ফলত পেৰিয়াৰ নদীত বাহনখন বাগৰি পৰে।

গুগল মেপৰ ভুল ঠিকনা ! গাড়ী পৰিল নদীত,২ চিকিৎসক নিহত
বিজেপি কৰ্মীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত আপৰ যুৱ নেতা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in