গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান...

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান...

ডিজিটেল ডেস্ক : গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ আগবঢ়োৱা হ'ল দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে সুন্দৰ পিচাইক প্ৰদান কৰে এই সন্মান ।

মাদুৰাইৰ পৰা মাউন্ট ভিউলৈ সুন্দৰ পিছাইৰ যি যাত্ৰা, সেই যাত্ৰা যেন সুন্দৰ পিছাইৰ ব্যক্তিগত যাত্ৰা নহয় । এই যাত্ৰাই সময়ে সময়ে শক্তিশালী কৰি আহিছে ভাৰত-আমেৰিকাৰ মাজৰ অৰ্থনৈতিক, তথ্য-প্ৰযুক্তি বিদ্যাৰ সমন্বয়ৰ জৰীডাল । ইয়াৰ ওপৰিও ভাৰতীয় নৱ প্ৰজন্মৰ প্ৰতিভাক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সুন্দৰ পিছায়ে ।

উল্লেখ্য যে, দেশৰ ৭৩তম গণৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু তাৰ পাছত চলিত বৰ্ষৰে ২ ডিছেম্বৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান ।

এই সন্মান গ্ৰহণ কৰি সুন্দৰ পিছায়ে মন্তব্য প্ৰকাশ কৰে যে, ভাৰত বৰ্ষ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ । জীৱনৰ প্ৰতি মূহুৰ্তত তেখেত ভাৰতবাসীক কঢ়িয়াই ফুৰিব নিজৰ অন্তৰত । ইয়াৰ ওপৰিও এনে এক সন্মানৰ বাবে তেখেত ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ বুলিও ভাষ্য প্ৰদান কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in