এতিয়াৰে পৰা গুগলেও ব্যৱহাৰকাৰীক প্ৰদান কৰিব ব্লু টিক...

শেহতীয়াকৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে চৰ্চিত এক বিষয় হৈ পৰিছে ব্লু টিক। শেহতীয়াকৈ গুগলেও ব্যৱহাৰকাৰীক নীলা টিক প্ৰদান কৰিবলৈ আগবাঢ়িছে

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা গুগলেও ব্যৱহাৰকাৰীক প্ৰদান কৰিব ব্লু টিক...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে চৰ্চিত এক বিষয় হৈ পৰিছে ব্লু টিক। শেহতীয়াকৈ গুগলেও ব্যৱহাৰকাৰীক নীলা টিক প্ৰদান কৰিবলৈ আগবাঢ়িছে ।

Advertisment

এই ব্লু টিক প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, অভিনেতা সকলো লগতে বহুত সংখ্যক ফ’লোৱাৰ্ছ থকা সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে নিজৰ একাউন্টৰ নামৰ বিপৰীতে লাভ কৰে ।

যাৰ পৰা নিশ্চিত হ’ব পাৰি প্ৰকৃত ব্যৱহাৰকাৰীজনক । এই ব্ৰু টিক ব্যৱস্থা ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিয়ে জনপ্ৰিয় ব্যৱহাৰকাৰী সকলক ইতিমধ্যেই প্ৰদান কৰি আহিছে ।

এই ব্লু টিক ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গুগলেও ।ইতিমধ্যেই গুগলৰ 'চেকমাৰ্ক সেৱা' জিমেইললৈ অনা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ব্যৱহাৰকাৰীক প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰা ।

ইয়াৰ দ্বাৰা প্ৰকৃত লোকজনৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হৈছে নে নাই সেই তথ্য লাভ কৰিবলৈ সহজ হ’ব । ব্যৱসায়ৰ বাবে এই সেৱা অহা তিনি দিনৰ ভিতৰত কাৰ্যকৰী হ’ব ।

কোম্পানীটোৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে প্ৰতিজন গুগল ৱৰ্কস্পেচ গ্ৰাহক, জি চুইট সাধাৰণ আৰু ব্যৱসায়িক গ্ৰাহক, আনকি ব্যক্তিগত গুগল একাউণ্ট ব্যৱহাৰকাৰীসকলেও ব্লু টিক লাভ কৰিব ।

কেনেকৈ ব্যৱহাৰকাৰীয়ে লাভ কৰিব ব্লু টিক? আপুনি আপোনাৰ একাউণ্ট প্ৰথমে বিআইএমআইলৈ ছেট কৰিব লাগিব ।

ইয়াৰ বাবে প্ৰয়োজন হ’ব ডমেইন । তাৰ পিছত, ব্ৰেণ্ডৰ লোগোটো এছভিজি ফৰ্মেটত আপলোড কৰিব লাগিব আৰু ইয়াক ট্ৰেডমাৰ্ক হিচাপে পঞ্জীয়ন কৰিব লাগিব । অৱশেষত, আপুনি জিমেইলত আপোনাৰ ব্ৰেণ্ডৰ লোগোত ব্লু টিকৰ বাবে আবেদন কৰিব লাগিব ।

Also Read: ৰাহুলক কাৰাদণ্ড বিহি গুজৰাট চৰকাৰৰ পুৰস্কাৰ পালে দণ্ডাধীশ এইছ এইছ শৰ্মাই...

google Google blue tick