ডিজিটেল ডেস্ক : ছেমি কণ্ডাক্টৰ প্ৰযুক্তি ক্ষেত্ৰখনত প্ৰয়োজনীয় দক্ষ ব্যক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ২,১০০ জন জনজাতীয় যুৱকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব। অহা ৩ বছৰৰ ভিতৰত এইসকল যুৱকক ছেমি কণ্ডাক্টৰ প্ৰযুক্তিৰ বুনিয়াদী আৰু উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ দিব কেন্দ্ৰীয় চৰকাৰে।
বৃহস্পতিবাৰে সংসদত এই সম্পৰ্কে তথ্য প্ৰকাশ কৰে। বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হ’ব।
উল্লেখযোগ্য যে উক্ত প্ৰতিষ্ঠানত চিপৰ নক্সা কৰা আৰু নিৰ্মাণৰ বাবে দক্ষ কৰ্মবাহিনী গঠনৰ উদ্দেশ্যেতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।