কিয় বেবাব ছাগলীয়ে ? থানাত ৰুজু গোচৰ

কিয় বেবাব ছাগলীয়ে ? থানাত ৰুজু গোচৰ

ডিজিটেল ডেস্ক : এটি ছাগলীয়ে জ্বলা-কলা খুৱাইছে আৱাসিক এলেকাৰ বাসিন্দাক। এই ঘটনা মহাৰাষ্ট্ৰৰ থানে জিলাৰ এটি হাউচিং কলনিৰ। বুধবাৰে ইছলাম ধৰ্মালম্বী লোকসকলৰ বকৰি ঈদ।

এই ঈদকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা ইছলাম ধৰ্মালম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা। বকৰি ঈদক কেন্দ্ৰ কৰি খোৱা-পিন্ধা আদি সকলো ক্ষেত্ৰতে লোকসকলৰ মাজত দেখা গৈছে বিশেষ তৎপৰতা।

এনেবোৰ ব্যস্ততাৰ মাজতে সমাগত ঈদৰ বাবে থানেৰ এটি হাউচিং কল'নিৰ এগৰাকী আৱাসীয়ে আনিছিল এটা বৃহৎ আকাৰৰ ছাগলী। পিছে এই ছাগলীটোৱে আৱাসিক অঞ্চলটোত লগাইছে জঞ্জাল।

ছাগলীটোৰ গগনচুম্বী চিঞৰত শুব পৰা নাই অঞ্চলটোৰ একাংশ বাসিন্দা। ছাগলীটোৱে দিয়া যন্ত্ৰণাৰ বাবে অভিযোগ গৈ পালে থানেৰ মীৰা ৰোড আৰক্ষী থানা। একাংশ বাসিন্দাই প্ৰথমাৱস্থাত ছাগলীটোৰ বিকট চিঞৰৰ বাবে গৰাকীক অভিযোগ কৰে যদিও তেওঁৰ কোনো সহাঁৰি নাপাই পিছলৈ সেই অভিযোগ আৰক্ষীৰ ওচৰত দিয়ে।

অভিযোগ দিয়াৰ কিছু সময় পিচতে আৰক্ষী আহি ছাগলীটোৰ গৰাকীৰ ওচৰত সমগ্ৰ ঘটনাৰ বুজ লয়। গৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি তেওঁ কয় যে, ঈদৰ বাবে অনা ছাগলীটো বান্ধিবলৈ ঠাই নাই। সেয়ে হাউচিং কলনিৰ বাৰাণ্ডাতে ছাগলীটো ৰখাৰ ব্যৱস্থা কৰে।

উল্লেখ্য় যে, উক্ত গৰাকীজনে প্ৰতিবছৰে বকৰি ঈদত ছাগলী আনি আৱাসিক এলেকাৰ বাসিন্দাসকলক প্ৰতিবছৰে এনে জ্বলা-কলা খুৱাই আহিছে। সেয়ে আবাসীক এলেকাৰ একাংশ বাসিন্দাই এইবাৰ তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক অনুৰোধ জনায়।

অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুয়ো পক্ষকে এক মিমাংসাত উপনীত কৰায়। অনাগত ঈদত তেওঁ এনেদৰে ছাগলী আনিলেও এক সুকীয়া স্থান ছাগলী ৰখাৰ ব্যৱস্থা কৰিব লাগিব, যাতে কোনোলোকে অসুবিধাৰ সন্মুখীন নহয়।

কিয় বেবাব ছাগলীয়ে ? থানাত ৰুজু গোচৰ
বুৰৈঘাটত বাহনসহ গাঞ্জা জব্দ : আটক দুই ব্যৱসায়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in