বুৰৈঘাটত বাহনসহ গাঞ্জা জব্দ : আটক দুই ব্যৱসায়ী

বুৰৈঘাটত বাহনসহ গাঞ্জা জব্দ : আটক দুই ব্যৱসায়ী

ডিজিটেল সংবাদ,বিশ্বনাথ: বিশ্বনাথ জিলাৰ বিহালীত বিগত সময়ছোৱাত আৰক্ষীয়ে জব্দ কৰি আহিছে বিভিন্ন নিচাজাতীয় সামগ্ৰী। আৰক্ষীৰ এই অভিযানৰ অংশ স্বৰূপে বুধবাৰে বুৰৈঘাটত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাৰ লগতে বাহনসহ দুজন ব্যৱসায়ীক আটক কৰে।

বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বে'ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি প্ৰায় ২৪ লাখ টকা মূল্যৰ ৪৮.৯ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে ৰৌতাৰ পৰা গহপুৰ অভিমুখে গৈ থকা AS 01 R 4252 নম্বৰৰ ৱাগানাৰ বাহনখনত অবৈধ সামগ্ৰীখিনি আনি থকা অৱস্থাত বুৰৈঘাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুৰৈ দলং ওচৰত আৰক্ষীয়ে তালাচি চলাই জব্দ কৰে।

লগতে গাঞ্জা ব্যৱসায়ীৰ লগত জড়িত দুগৰাকী ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।আটকাধীন লোক দুজন ওদালগুৰী জিলাৰ মাজবাটৰ দেৰচুমা কছাৰী আৰু বলেন্দ্ৰ বসুমতাৰী বুলি জানিব পৰা গৈছে। এই অভিযানত উপস্থিত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু DSP জয়ন্ত বৰুৱাই।

বুৰৈঘাটত বাহনসহ গাঞ্জা জব্দ : আটক দুই ব্যৱসায়ী
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত : এম টি অ’ক জেৰা চি বি আইৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in