মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন IPS বিষয়া

গৃহ মন্ত্ৰালয়ে চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰে এগৰাকী আইপিএছ বিষয়াক।

author-image
Asomiya Pratidin
New Update
মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন IPS বিষয়া

ডিজিটেল ডেস্কঃ গৃহ মন্ত্ৰালয়ে চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰে এগৰাকী আইপিএছ বিষয়াক। নাইট ক্লাবত এগৰাকী মহিলাক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গোৱাত নিযুক্ত থকা আইপিএছ গৰাকীক বুধবাৰে নিলম্বন কৰে মন্ত্ৰালয়ে।

Advertisment

কোয়ান নামৰ আই পি এছ গৰাকী ২০০৯ বেচৰ এজিএমইউটি কেডাৰৰ বিষয়া। এই গৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধেই গোৱাৰ নাইট ক্লাবত এগৰাকী মহিলাক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।

কোৱান এগৰাকী ডিআইজি পদবীৰ বিষয়া। অভিযোগ অনুসৰি সোমবাৰে নিশা গোৱাৰ এটা বীচ ক্লাবত এগৰাকী মহিলা পৰ্যটকৰ সৈতে পাৰ্টি কৰি থকা অৱস্থাত তেওঁ দুৰ্ব্যৱহাৰ কৰে।

ইয়াৰ পাছতে গোৱা বিধানসভাতো বিষয়টো উত্থাপন হৈছিল। ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তেও আইপিএছ বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল।

Also Read: ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে ১৫ টা ভাষাত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা...

ips goa