ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে ১৫ টা ভাষাত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা...

এছএছচিৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা ১৫ টা ভাষাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জ্যেষ্ঠ নিৰ্দেশক পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা....

govt job

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে বুধবাৰে কয় যে এছএছচিৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা ১৫ টা ভাষাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশৰ কোনো যুৱক-যুৱতীয়ে যাতে চাকৰিৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ চতুৰ্দশ হিন্দী পৰামৰ্শদাতা সমিতিৰ বৈঠকত ভাষণ দি তেওঁ কয় যে এই ঐতিহাসিক সিদ্ধান্তই স্থানীয় যুৱসকলক অনুপ্ৰাণিত কৰিব আৰু আঞ্চলিক ভাষাসমূহক উৎসাহিত কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে, শেহতীয়াকৈ ১৫ টা ভাৰতীয় ভাষাত চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে ভাষাৰ বাধাৰ বাবে দেশৰ কোনো যুৱক-যুৱতীয়ে চাকৰিৰ সুযোগ হেৰুৱাব নোৱাৰে। এই ভাষা সমূহ হ'ব- হিন্দী, ইংৰাজী, তামিল, তেলেগু, ওড়িয়া, উৰ্দু, পাঞ্জাৱী, মণিপুৰী আৰু কোঙ্কণী।

এছএছইৰ দ্বাৰা আয়োজিত কৰিবলগীয়া পৰীক্ষাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বিগত বছৰ সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰী ভাষাৰ উপৰিও ভাৰতীয় আঞ্চলিক ভাষাৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ দি অহা হৈছে। চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা লাখ লাখ শিক্ষাৰ্থীয়ে নিজৰ স্থানীয় ভাষাত পৰীক্ষা দিব পাৰিব।

Also Read: কাৰ্বি আংলঙৰ সেউজ পাহাৰত বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা

job