/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/bd4ee195-632c-46ab-9938-05ab3e62cd13/ggf.jpg)
ডিজিটেল ডেস্কঃভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সমৃদ্ধ সামুদ্ৰিক খণ্ডৰ বিশাল সম্ভাৱনাৰ পৰা মূল্য সৃষ্টিৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলনৰ তৃতীয় সংস্কৰণৰ মাত্ৰ তিনিদিনৰ ভিতৰতে ১০লাখ কোটি টকাৰো অধিক বিনিয়োগৰ অভিলেখ গঢ়িছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনৰ প্ৰথম দিনটোতেই মুকলি কৰা সামুদ্ৰিক অমৃত কাল ভিজন ২০৪৭ হৈছে পৰৱৰ্তী ২৫ বছৰৰ বাবে ভাৰতীয় সামুদ্ৰিক নীল অৰ্থনীতিৰ দীৰ্ঘদিনীয়া ব্লুপ্ৰিণ্ট।
বৃহস্পতিবাৰৰ দিনটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েল, নিৰ্মলা সীতাৰমণ, ধৰ্মেন্দ্ৰ প্ৰধান, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ আৰু শ্ৰী পদনায়ক।
১৭-১৯অক্টোবৰলৈ অনুষ্ঠিত এই বিশ্ব সন্মিলনত ৫০খনতকৈও অধিক দেশ, ২১৫ গৰাকী আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় বক্তা আৰু ৫০,০০০ অংশগ্ৰহণকাৰীয়ে পোন পটীয়াকৈ উপস্থিত থাকি আৰু ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cb0bd260-3938-49c1-b83e-c72d0c5df7a7/b488bb10_aa4a_48cf_8c62_1bd3bb844e97.jpg)
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি সামৰণী অনুষ্ঠানৰ ভাষণ প্ৰসংগত কয়, "মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰা সামুদ্রিক অমৃতকাল ভিজন ২০৪৭ত নিৰ্দিষ্ট সময়সীমাত ৰূপায়ণৰ পৰিকল্পনাৰ সৈতে এক অভিলাষী উন্নয়নমূলক ৰ'ডমেপ প্ৰস্তুত কৰা হৈছে, যাতে ভাৰতে এক বিশ্বব্যাপী সামুদ্রিক প্রাণকেন্দ্ৰ হিচাপে পৰিগণিত হ'ব পাৰে।
সন্মিলনখনত মুঠ ৩৬০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ পৰিমাণ হৈছে ৮.৩৫ লাখ কোটি টকাৰো অধিক। ই ভাৰতৰ সামুদ্রিক সহযোগিতামূলক বিকাশ যাত্ৰাৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। বিশ্ব সামুদ্রিক ভাৰত সন্মিলনে আঞ্চলিক সহযোগিতা বৃদ্ধিৰ উপৰিও সামুদ্রিক ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে অগ্রণী ভূমিকা পালন কৰি আহিছে।"
সন্মিলনখনৰ তিনিদিনীয়া বিভিন্ন বৈঠকত কেইবাখনো গুৰুত্বপূৰ্ণ ঘূৰণীয়া মেজমেল আৰু অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ, বিমষ্টেক, চাবাহাৰ বন্দৰ আইএনটিএছচি কৰিড'ৰকে ধৰি সামুদ্রিক খণ্ডৰ বহু গুৰুত্বপূৰ্ণ দিশৰ আলোচনা হয়।
এই সন্মিলনে ভাৰতৰ ক্রুজ খণ্ডৰ সুযোগবোৰ পোহৰলৈ আনিছে আৰু ক্রুজ টার্মিনেল আন্তঃগাঁথনি সৃষ্টি, কৰ শিথিলতাৰ সৈতে উৎসাহিত কৰা, ক্রুজৰ বাবে উন্নত প্রশিক্ষণ একাডেমীৰ সৈতে প্রতিষ্ঠানগত ক্ষমতা নির্মাণ আদি বিভিন্ন দিশ ত্বৰান্বিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3b0b71db-868b-4232-bab2-d7a5c12574f5/f6a77ee8_8ab7_4d3f_af65_fefc17eda779.jpg)
মন্ত্ৰীগৰাকীয়ে সামুদ্রিক খণ্ডত উদ্ভাৱনৰ ভূমিকা সম্পৰ্কে অৱগত কৰে। তেওঁ কয়,“ভাৰত গৱেষণা আৰু উন্নয়ন তথা বৰ্তমানৰ প্রযুক্তিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি, সামৰ্থ্য বিকাশৰ দিশত আগৰণুৱা হৈ আহিছে। প্ৰযুক্তিগত উন্নতিৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ 'ডিজিটেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ মেৰিটাইম ইফিচিয়েন্সি' (COEME) স্থাপন কৰাটো থলুৱা আৰু সহযোগিতামূলক উন্নয়নৰ দিশত আমি লোৱা উল্লেখনীয় পদক্ষেপৰ অন্যতম। ইয়াৰ লগত সংগতি ৰাখি ভাৰতৰ সামুদ্রিক ষ্টাৰ্ট আপৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিতন্ত্ৰৰ সম্ভাৱনাক ব্যৱহাৰ কৰাটো আমাৰ চৰকাৰৰ এক মূল লক্ষ্য।”
এই তিনিদিনীয়া বৈঠকৰ সময়ছোৱাত সেউজ বন্দৰ আৰু জাহাজ চলাচলৰ বাবে বহনক্ষম উন্নয়নৰ বিষয়েও বহু আলোচনা কৰা হৈছিল। এই ক্ষেত্ৰত নৰৱে আৰু অন্যান্য আগশাৰীৰ সামুদ্রিক ৰাষ্ট্ৰসমূহে উত্তম পদ্ধতিসমূহ নিৰ্ধাৰণ কৰি আছে যাক বিশ্বৰ বাকী দেশসমূহে মানি চলি সামুদ্রিক যাতায়াতৰ মানদণ্ড নিৰ্ধাৰণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/880b17ad-4e69-477d-9aeb-8aab84c03cd6/e6fb2d5b_ea3f_4178_8952_762201dc7d14.jpg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,“উদাহৰণস্বৰূপে ভাৰতে সেউজ ইন্ধন, বৈদ্যুতিক/নবীকৰণযোগ্য শক্তিভিত্তিক সঁজুলি আৰু বাহনৰ ব্যৱহাৰেৰে সেউজগৃহ গেছৰ নিৰ্গমন হ্রাস কৰি কাৰ্বন নিৰপেক্ষতা বিকাশ কৰাৰ পৰিকল্পনা কৰিছে। ”
Also Read: চলিত বৰ্ষত বাংলাদেশত ৩২,৪০৮ টা মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা