লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৰাখিলে ফ্ৰীজতঃ বহিল অন্য যুৱতীৰে বিয়াত...

লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৰাখিলে ফ্ৰীজতঃ বহিল অন্য যুৱতীৰে বিয়াত...
লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৰাখিলে ফ্ৰীজতঃ বহিল অন্য যুৱতীৰে বিয়াত...

ডিজিটেল ডেস্কঃ আন এক হত্যা কাণ্ডই কপাইছে ৰাজধানী দিল্লী। চাঞ্চল্য সৃষ্টি কৰিছে ৰাষ্ট্ৰজুৰি। শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডই সমগ্ৰ দেশত সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক অনুৰূপ হত্যাকাণ্ড সংঘটিত হৈছে।

এজন যুৱকে এগৰাকী যুৱতীক হত্যা কৰি ফ্ৰীজত ভৰাই থোৱাই নহয়, হত্যাৰ পিছৰ দিনাই আন এগৰাকী যুৱতীৰৈ সৈতে বহিল বিয়াত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

জানিব পৰা মতে এজন ব্যক্তিয়ে তেওঁৰ প্ৰেমিকাক এখন গাড়ীত হত্যা কৰি ৪০ কিলোমিটাৰ দূৰৰ বাবা হৰিদাস নগৰ অঞ্চলৰ মিত্ৰু গাঁৱত থকা তেওঁৰ ধাবালৈ লৈ গৈ মৃতদেহ এটা ফ্ৰীজত ভৰাই ৰাখে। এই ঘটনা সংঘটিত কৰা যুৱকজনৰ নাম চাহিল গেহলট।

চাহিলে প্ৰেমিকাক হত্যা কৰি ফ্ৰীজত ভৰাই থোৱাৰ সময়তে আন এগৰাকী যুৱতীৰ সৈতেও বিয়াত বহে। অৱশ্যে আৰক্ষীৰ অপৰাধ শাখাই ইতিমধ্যে চাহিলক গ্ৰেপ্তাৰ কৰিছে।

এই হত্যাৰ কাৰণ হিচাপে চাহিলৰ অবৈধ সম্পৰ্ক বুলিও প্ৰকাশ পাইছে। এগৰাকী প্ৰেমিকা থকাৰ পিছতো চাহিলে দ্বিতীয় এগৰাকী যুৱতীৰ সৈতে বিয়াত বহিবলৈ প্ৰস্তুতি চলাইছিল।

যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। দুয়ো বহু বছৰ ধৰি লিভ-ইন সম্পৰ্কতো আছিল। হত্যাৰ বলি হোৱা যুৱতীগৰাকীয়ে দিল্লীত চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে হত্যাকাৰী চাহিলৰ সংস্পৰ্শলৈ আহিছিল।

এই ঘটনাৰ পিছতে এতিয়া হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালে চাহিলৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১৮ মে'ত শ্ৰদ্ধা ৱাকাৰক তেওঁৰ প্ৰেমিকে আফতাবে হত্যাকৰি মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি ফ্ৰীজত ভৰাই ৰাখিছিল। প্ৰেমিকাৰ মৃতদেহ ফ্ৰীজত থকাৰ সময়তে আফতাবে আন যুৱতীৰ সৈতে নৈশ জাপনো কৰিছিল।

লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৰাখিলে ফ্ৰীজতঃ বহিল অন্য যুৱতীৰে বিয়াত...
আজি শপতগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in