আজি শপতগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে...

আজি শপতগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে...

author-image
Asomiya Pratidin
New Update
আজি শপতগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে...

আজি শপতগ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে...

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব ন্যায়াধীশ সন্দীপ মেহতাই। উল্লেখ্য যে, যোৱা ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁক ২০১১ ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। তেওঁ ১৯৮৬ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

২০০৪ ৰ পৰা ২০০৫ লৈ তেওঁ বাৰ কাউন্সিল অফ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্য নিৰ্বাহৰ পিছত ২০১০ ত সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। তেওঁক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছি।

উল্লেখ্য যে, গুৱহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে সন্দীপ মহেতাক তেওঁৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে। আজি ৰাজভৱনৰ দৰবা হলত অনুষ্ঠিত হ'ব মুখ্য ন্যায়াধীশ সন্দীপ মেহতাৰ শপতগ্ৰহণ অনুষ্ঠান।

Also Read: ঢকুৱাখনাৰ উদ্যমী যুৱক,শিক্ষক ধীৰু ডেকাৰ পথ দুৰ্ঘটনাত মৃত্যু

গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতা