আগন্তুক বৰ্ষসমূহত অধিক বিমানবন্দৰ যাব আদানী গ্ৰুপৰ হাতলৈ

আগন্তুক বৰ্ষসমূহত অধিক বিমানবন্দৰ যাব আদানী গ্ৰুপৰ হাতলৈ

ডিজিটেল ডেস্ক : আদানী হিণ্ডেনবাৰ্গ কাণ্ডৰ চাঞ্চল্য মাৰ নৌ যাওতেই এইবাৰ আদানী গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে আগবঢ়ালে আন এক গুৰুত্বপূৰ্ণ মন্তব্য । আগন্তুক বৰ্ষ সমূহত বিমান বন্দৰৰ ক্ষেত্ৰত আন এক অন্যতম প্ৰতিষ্ঠান ৰূপে হেনো দেখা যাব আদানীক । অৰ্থাৎ অধিক বিমান বন্দৰ ক্ৰয় কৰাৰ দিশে গৌতম আদানী ।

উল্লেখ্য যে, বিগত সময়ছোৱাত ৬ টাকৈ বিমান বন্দৰ ক্ৰয় কৰিছিল আদানী গ্ৰুপে । আৰু চৰকাৰৰ পৰিকল্পনা অনুসৰি আন ১২টাতকৈ অধিক বিমান বন্দৰ বিক্ৰী কৰা হ'ব ব্যক্তিগত খণ্ডক । তেনেস্থলত সেই কেইটা বিমান বন্দৰত নিশ্চয়কৈ দৃষ্টি নিক্ষেপ কৰিব আদানী গ্ৰুপে ।

স্মৰ্তব্য যে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত হুৰাহুৰে নামিছিল আদানীৰ শ্বেয়াৰৰ মূল্য । মুঠ ৬ টাকৈ প্ৰতিষ্ঠানৰ শ্বেয়াৰ নমাৰ পাছত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত নাছিল আদানী । কেৱল সেয়াই নহয় বৰং ৰাইজৰো আস্থা হেৰুৱাইছিল আদানীয়ে । এতিয়া এই বিমান বন্দৰ সমূহ ব্যক্তিগত খণ্ডৰ হাত গতাই দিয়াৰ পাছত বিমান সমূহৰ ভাৰা পৰ্যন্ত যে বৃদ্ধি পাব সেইয়া নিশ্চিত । কিয়নো বিমান সমূহে এতোয়া পৰিশোধ কৰিব লাগিব বৰ্ধিত কৰ ।

আগন্তুক বৰ্ষসমূহত অধিক বিমানবন্দৰ যাব আদানী গ্ৰুপৰ হাতলৈ
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in