এছিয়াৰ ধনী ব্যক্তিৰ খিতাপ হেৰুৱালে আদানীয়ে, স্থান পালে মুকেশ আম্বানীয়ে...

বেয়া দিন চলিছে কোটিপতি গৌতম আদানীৰ। মঙলবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাৰ পৰা নাম আঁতৰ হৈছিল আদানীৰ।
এছিয়াৰ ধনী ব্যক্তিৰ খিতাপ হেৰুৱালে আদানীয়ে, স্থান পালে মুকেশ আম্বানীয়ে...

ডিজিটেল ডেস্ক: বেয়া দিন চলিছে কোটিপতি গৌতম আদানীৰ। মঙলবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি বিশ্বৰ শীৰ্ষ ১০ গৰাকী ধনী ব্যক্তিৰ তালিকাৰ পৰা নাম আঁতৰ হৈছিল আদানীৰ।

ইয়াৰ পাছতে বুধবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপেও খিতাপ হেৰুৱালে আদানীয়ে।

বিভিন্ন শ্বেয়াৰত হোৱা লোকচানৰ ফলত আদানি ফৰ্বচৰ ধনী তালিকাত ১৫ নং স্থানলৈ আহে। বৰ্তমান তেওঁৰ সম্পত্তি প্ৰায় ৭৫.১ বিলিয়ন ডলাৰ। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পূৰ্বতে আদানী বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত আছিল। কিন্তু প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই লোকচানৰ সন্মুখীন হয় আদানীৰ কোম্পানী।

ইয়াৰ বিপৰীতে মুকেশ আম্বানীৰো স্থান সলনি হৈছে। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি মুকেশ আম্বানীতকৈ তলৰ স্থানত আছে আদানী।

মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮১ বিলিয়ন ডলাৰৰ অধিক হৈছেগৈ। ফৰ্বচ ৰিচ লিষ্টৰ মতে, আম্বানীৰ মুঠ সম্পত্তি বৰ্তমান ৮৩.৭ বিলিয়ন ডলাৰ। আনহাতে আদানিৰ মূল্য ৭৫.১বিলিয়ন ডলাৰ। যাৰ ফলত আম্বানীয়ে এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ নৱম স্থানৰ বিপৰীতে আদানি ১৫তম স্থানলৈ যায়।

আৰু পঢ়ক: জম্মু-কাশ্মীৰত হিমস্খলন, উদ্ধাৰ অভিযান অব্যাহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in