বিশ্বৰ ২০গৰাকী ধনী ব্যক্তিৰ তালিকাত পুনৰ গৌতম আদানী

বিশ্বৰ ২০গৰাকী ধনী ব্যক্তিৰ তালিকাত পুনৰ গৌতম আদানী

author-image
Asomiya Pratidin
New Update
বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত গৌতম আদানি…

ডিজিটেল ডেস্কঃ বিশ্বৰ ২০ গৰাকী ধনী ব্যক্তিৰ তালিকাত পুনৰ ভাৰতৰ উদ্যোগপতি গৌতম আদানী। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ বুধবাৰে পুনৰ উচ্চ শিখৰলৈ গতি কৰে। যাৰ বাবে বিশ্বৰ ২০ জন ধনী ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰে।

Advertisment

গৌতম আদানিৰ মুঠ সম্পত্তি ৬.৫ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ এয়াই যে তেওঁৰ কোম্পানীবোৰৰ শ্বেয়াৰ বৃদ্ধি হৈছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৬৬.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। বিশ্বৰ ২০গৰাকী ধনী ব্যক্তিৰ ভিতৰত গৌতম আদানীৰ স্থান ১৯।

২৮নৱেম্বৰত আদানি গ্ৰুপৰ শ্বেয়াৰৰ সামগ্ৰিক বজাৰ কেপ ১.০৪ লাখ কোটি টকা বৃদ্ধি হৈ ১১.২৯ লাখ কোটি টকা হৈছে।

হিডেনবাৰ্গৰ ৰিপোৰ্টৰ পাছত গৌতম আদানিৰ সম্পত্তিৰ পৰিমাণ কমি গৈছিল । শ্বেয়াৰ সমূহৰ নিম্মগামী হোৱাত দেশৰ ধনী লোকৰ তালিকাৰ পৰা নাম বাহিৰ হৈছিল গৌতম আদানী। এই প্ৰতিবেদনৰ কেইমাহমান পাছত পুনৰ গৌতম আদানী ধনী ব্যক্তিৰ তালিকাত আহিবলৈ সক্ষম হয়।

Also Read: Telangana assembly elections: ৬৪.৪২ শতাংশ ভোটাৰে দিলে জনাদেশ, অন্ত পৰিল ভোটগ্ৰহণ

GAUTAM adani