গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ঃ ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নিৰ্বাচন স্থগিত

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ঃ ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নিৰ্বাচন স্থগিত

ডিজিটেল ডেস্কঃ ৰেষ্টলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নিৰ্বাচন স্থগিত। নিৰ্বাচন স্থগিতৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অসম ৰেষ্টলিং সন্থাই তৰা গোচৰৰ ভিত্তিত এই ৰায়দান ন্যায়ালয়ৰ।

১১ জুলাইত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিন আছিল। ন্যায়ালয়ৰ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত স্থগিত ৰাখিব লাগিব নিৰ্বাচন।

আবেদনৰ পিছতো অসম ৰেষ্টলিং সন্থাক দিয়া নাই স্বীকৃতি। অসমৰ ৰেষ্টলাৰে এতিয়াও অসমক প্রতিনিধিত্ব কৰিব পৰা নাই। ৰাষ্ট্রীয় প্রতিযোগিতাত অসমৰ ৰেষ্টলাৰে আনৰ হৈ প্রতিনিধিত্ব কৰে। যাৰ বাবে স্বীকৃতি বিচাৰি আবেদন কৰিছিল সন্থাই।

অসমত ৰাষ্ট্রীয় পৰ্যায়ৰ প্রতিযোগিতা হোৱাৰ পিছতো বঞ্চিত অসম ৰেষ্টলিং সন্থা। উল্লেখ্য যে, বৰ্তমান ৰেচলিং ফেডাৰেছন অফ ইণ্ডিয়াৰ অধ্যক্ষ ব্ৰীজভূষণ চৰন সিং

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ঃ ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নিৰ্বাচন স্থগিত
লেখাপানীত বজ্ৰপাতৰ ফলত মাতৃ-কন্যাৰ কৰুণ মৃত্যু

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in