লেখাপানীত বজ্ৰপাতত মাতৃ-কন্যাৰ কৰুণ মৃত্যু

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ লেখাপানীত দেওবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ঘৰ মচি থকা অৱস্থাত ঘটে অঘটন। বজ্ৰপাতৰ ফলত নিহত হয় মাতৃ-কন্য়া।

আজি দিনৰ প্ৰায় ১২-৩০ মান বজাত বিজুলী ঢেৰেকনিৰে বৰষুণ আহোতে লেখাপানী থানাৰ অন্তৰ্গত ২নং তিনিসুতিত বজ্ৰপাতৰ ফলত মাতৃ আৰু জীয়ৰীৰ কৰুণ ভাৱে মৃত্যুক আকোৱালি লয়।

মৃত মহিলা গৰাকী নাম ৰঞ্জিনা ভাংৰা (৩২) আৰু ছোৱালী গৰাকীৰ নাম দিপালি ভাংৰা (৪) ।ঘটনাৰ পাছতে ঘৰৰ পৰিয়ালৰ সহযোগত মাতৃ কন্যাক চিকিৎসা লৈ যোৱা হৈছিল যদিও চিকিৎসকে দুয়োৰে মৃত্যু বুলি ঘোষণা কৰে। এই মৰ্মান্তিক ঘটনাই পৰিয়ালৰ লগতে অঞ্চল জুৰি শোকৰ ছা পেলাইছে।

প্ৰতীকি ফটো
চিৰাঙৰ কানিভূৰ নৈত গা ধুৱলৈ গৈ সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in