জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ফাদিল কৰিলে পুলৱামা কাণ্ডৰ অন্তৰালৰ ৰহস্য

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ফাদিল কৰিলে পুলৱামা কাণ্ডৰ অন্তৰালৰ ৰহস্য

ডিজিটেল ডেস্ক : ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা এইয়া । যিদিনা সমগ্ৰ বিশ্বই পালন কৰে প্ৰেমৰ দিৱস, সেইদিনাই কাশ্মীৰৰ বাৰামুলা জিলাৰ পুলৱামাত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা । ভাৰতীয় সেনা কঢ়িয়াই নিয়া এটি কনভয়ত আহি খুন্দা মাৰিছিল এখন বাহনে । এই বাহনখন কোনো সাধাৰণ যাত্ৰীবাহী বাহন নাছিল । বৰং ই আছিল বিস্ফোৰক সামগ্ৰীৰ মেটমৰা ভৰাল । খুন্দা লগাৰ লগে লগেই এক প্ৰচণ্ড বিস্ফোৰণত ৪০ জনকৈ চি আৰ পি এফ জোৱানৰ মৃত্যু ঘটিছিল । সমগ্ৰ দেশ কপি উঠিছিল দুস্কৃতিকাৰীৰ এই নৃশংসতাত ।

লাহে লাহে প্ৰশ্ন উত্থাপন হৈছিল সমগ্ৰ বিষয়টো লৈ । সাধাৰণতে সেনা বাহিনীৰ বিষয়াই চাউনী সলনি কৰিলে অথবা আন কাৰনতো স্থান সলনি কৰিলে যাত্ৰা কৰিবৰ বাবে ব্যৱহাৰ কৰা পথ সন্দৰ্ভত জনোৱা নহয় কাকো পূৰ্বে । কাৰণ একেটাই । নিৰাপত্তাৰ বাবে । তেনেস্থলত জম্মু-কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ এলেকাত এই তথ্য কোনে কেনেকৈ কাৰ কাণত পেলালে সেইয়া আছিল আশ্চৰ্যকৰ । তাৰ পাছতেই এই আক্ৰমণৰ সৈতে ১৯ জনৰ ৭ জনক ইতিমধ্যে হত্যা কৰে সেনাই, আন ৭ জনক আটক কৰে ।

কিন্তু ঘটনাৰ প্ৰায় ৪ বছৰ পাছত আকৌ পুলৱামা কাণ্ড সংবাদৰ শীৰ্ষত । কাৰণ সেই সময়ৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল, বৰ্তমান প্ৰাক্তন সত্যপাল মালিকে এটি সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত দিয়া এটি সাক্ষাৎকাৰে সকলো দিশ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে ৰাইজক ।

সত্যপাল মালিকে এইক্ষেত্ৰত দোষী সাব্যস্ত কৰিছে কেন্দ্ৰীয় শাসনাধিষ্ঠ বিজেপি চৰকাৰকেই । ৰাজ্যপাল গৰাকীৰ মন্তব্য অনুসৰি, স্থান সলনিৰ বাবে চি আৰ পি এফে ৫ খনকৈ এয়াৰক্ৰাফ্ট বিচাৰিছিল । কিন্তু সেইয়া সম্ভৱ হৈ নুঠিল হেনো । সত্যপাল মালিকে এই সমগ্ৰ কাণ্ডৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক দোষী সাব্যস্ত কৰি এয়াও কয় যে, সমগ্ৰ ঘটনা সন্দৰ্ভত তেখেতক নীৰৱে থাকিবলৈ কোৱা হৈছিল ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ফাদিল কৰিলে পুলৱামা কাণ্ডৰ অন্তৰালৰ ৰহস্য
বিহুৰ আনন্দৰ মাজতেই মহানগৰীত সংঘটিত নৃশংস হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in