প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণ

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ , লুণ্ঠন আদি সকলোফালে। ইয়াৰ মাজতে এগৰাকী যুৱতী পুনৰ নিৰ্যাতিত হয় পাষণ্ডৰ।

author-image
Asomiya Pratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্কঃ দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, ধৰ্ষণ , লুণ্ঠন আদি সকলোফালে। ইয়াৰ মাজতে এগৰাকী যুৱতী পুনৰ নিৰ্যাতিত হয় পাষণ্ডৰ।

Advertisment

এই ঘটনা মহাৰাষ্ট্ৰ, পালঘৰৰ। বৃহস্পতিবাৰে আৰক্ষীয়ে জনাই যে সন্ধিয়া প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱা যুৱতীক ধৰ্ষণ কৰে দুজনকৈ লোকে। ঘটনাটো বুধবাৰে সন্ধিয়া সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণী অনুসৰি দুই যুৱকে যুৱতী গৰাকীক ধৰ্ষণ কৰে আৰু সেই সময়ত গছত বান্ধি ৰাখে যুৱতী গৰাকীৰ প্ৰেমিকক। ঘটনাৰ পাছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে।

২২ আৰু ২৫ বছৰীয়া দুই অভিযুক্তত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ২৭ মাৰ্চলৈকে জিম্মাত লৈছে। জানিব পৰা মতে প্ৰথম অৱস্থাত যুৱতী গৰাকীৰ প্ৰেমিকৰ লগত দুই যুৱকৰ তৰ্ক-বিতৰ্ক হৈছিল। তাৰ পাছতে দুয়ো এই ঘটনা সংঘটিত হৈছে।

Also Read: আৰক্ষীয়ে জনালে কোনে হত্যাৰ ভাবুকি দিছিল অভিনেতা ছলমান খানক...

crime