আৰক্ষীয়ে জনালে কোনে হত্যাৰ ভাবুকি দিছিল অভিনেতা ছলমান খানক...

বিভিন্ন সময়ত বলিউড অভিনেতা ছলমান খানক কোনো দুৰ্বৃত্তই হত্যাৰ ভাবুকি দি অহা পৰিলক্ষিত হয়। কিছুদিন পূৰ্বেও অভিনেতা গৰাকীক ভাবুকি প্ৰদান কৰাত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।
আৰক্ষীয়ে জনালে কোনে হত্যাৰ ভাবুকি দিছিল অভিনেতা ছলমান খানক...

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত বলিউড অভিনেতা ছলমান খানক কোনো দুৰ্বৃত্তই হত্যাৰ ভাবুকি দি অহা পৰিলক্ষিত হয়। কিছুদিন পূৰ্বেও অভিনেতা গৰাকীক ভাবুকি প্ৰদান কৰাত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।

এই তদন্ত প্ৰক্ৰিয়াৰ মাজতে মুম্বাই আৰক্ষীয়ে জনাই যে ছলমান খানলৈ হত্যাৰ ভাবুকি যি লিংকৰ জৰিয়তে আহিছিল সেইটো ব্ৰিটিছ লিংক। যিটো ই-মেইল আইডিৰ পৰা মেইল প্ৰেৰণ কৰা হৈছিল সেইটোৰ পৰা বিশেষ তথ্য পোৱা হোৱা নাই যদিও মেইলটো ইউকেৰ মোবাইল নম্বৰৰ সৈতে সংযুক্ত আছিল। আৰক্ষীয়ে এতিয়া নম্বৰ পঞ্জীয়ন কৰা ব্যক্তিজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

যোৱা সপ্তাহত মুম্বাই আৰক্ষীয়ে অভিনেতা ছলমান খানৰ কাৰ্যালয়লৈ ভাবুকি প্ৰদান কৰি ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত কাৰাগাৰত থকা লৰেন্স বিষ্ণোই, গোল্ডি ব্ৰাৰ আৰু ৰোহিত গাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

ভাবুকি প্ৰদানৰ পাছতে অভিনেতা গৰাকীক ৱাই প্লাছ নিৰাপত্তা প্ৰদান কৰিছে মুম্বাই আৰক্ষীয়ে।

আৰক্ষীয়ে জনালে কোনে হত্যাৰ ভাবুকি দিছিল অভিনেতা ছলমান খানক...
নগাঁৱত আৰক্ষীৰ অভিযান,দেহ ব্যৱসায়ৰ লগত জড়িত ১৭ জন গ্ৰেপ্তাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in