ৰাম ৰাজ্যৰ সপোন বুকুত বান্ধিয়েই মৃত্যুবৰণ কৰা মহাত্মা গান্ধীৰ হত্যাকাৰীৰ ফটোৰ সৈতে শোভাযাত্ৰা ৰাম নৱমীত

author-image
Asomiya Pratidin
New Update
ৰাম ৰাজ্যৰ সপোন বুকুত বান্ধিয়েই মৃত্যুবৰণ কৰা মহাত্মা গান্ধীৰ হত্যাকাৰীৰ ফটোৰ সৈতে শোভাযাত্ৰা ৰাম নৱমীত

ডিজিটেল ডেস্ক : ভাৰতৰ দৰে এখন অস্থিৰ সামাজিক আৰু ৰাজনৈতিক দেশত সমাজ ব্যৱস্থা, ৰাজনীতি আৰু ধৰ্ম একাকাৰ হৈ পৰাতো নতুন কথা নহয় কিন্তু তাতেও এক সীমাবদ্ধতা থকা উচিত বহ ক্ষেত্ৰত । কিন্তু সেইয়াও যেন সম্ভৱ হৈ উঠা নাই দেশৰ কেৰোণ লগা ৰাজনৈতিক ব্যৱস্থাটোৰ বাবে । তেনে এক ঘটনাই এইবাৰ সংঘটিত হ'ল হায়দৰাবাদত । বৃহস্পতিবাৰে দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উপাস্য ভগৱান ৰামৰ জন্মতিথি উপলক্ষে আয়োজিত ৰাম নৱমীৰ শোভাযাত্ৰাত দেখা গ'ল আৰ এছ এছ নেতা তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী গডছেৰ ফটো ।

Advertisment

এই শোভাযাত্ৰাৰ আয়োজন কৰিছিল বিজেপিৰ নিলম্বিত বিধায়ক ৰাজা সিঙে, যি ইয়াৰ পূৰ্বেও ধৰ্মীয় অসহিষ্ণুতামূলক প্ৰৰোচনাৰ বাবে বিতৰ্কৰ শীৰ্ষলৈ আহিছিল । যি শোভাযাত্ৰাত দেখা গ'ল জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গ'ডছেৰ ফটো ।

উল্লেখ্য যে, পূৰ্বৰ বৰ্ষ সমূহৰ দৰেই এইবাৰো ৰাজা সিঙৰ বাসগৃহৰ পৰা ওলাইছিল এটি দল এই শোভাযাত্ৰাৰ বাবে আৰু কিছু দূৰত থকা মূল মিছিলত চামিল হৈছিল আৰু ৰাজা সিঙৰ বাসগৃহৰ পৰা ওলোৱা শোভাযাত্ৰাটোতেই দেখা গৈছিল গ'ডছেৰ ফটো ।

ইয়াৰ ওপৰিও ৩০ মাৰ্চৰ দিনটোত ৰাম নৱমী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছিল বিক্ষিপ্ত ঘটনাৰ । যি শান্তিপূৰ্ণ ৰামৰাজ্যৰ সপোন বুকুত বান্ধিয়েই গডছেৰ হাতত প্ৰাণ দিব লগীয়া হৈছিল মহাত্মা গান্ধীয়ে, ৰাম নৱমীত সেই গডছেৰ ফটো লৈ শোভাযাত্ৰা কৰা কথাটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চিত বিষয় হৈ পৰিছে ।

Also Read: পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ...

hyderabad Nathuram Godse mahatma gandhi bjp